নগাঁও, 1 মে’: নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে এইবাৰ অভিযান নগাঁও আৰক্ষীৰ (Sex racket in Nagaon)। ড্ৰাগছ, জালনোটকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষী এইবাৰ নামিল নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে । শনিবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলায় নগাঁও চহৰৰ হয়বগাঁৱৰ লাওখোৱা ৰোডৰ এটা ভাড়াঘৰত । নিশা ভাড়াঘৰটোত অভিযান চলাই যুৱতীসহ এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।
ধৃত মহিলাগৰাকীয়ে ভাড়াঘৰটোত বিগত কিছুদিন ধৰি নাৰীদেহ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । ভাড়াঘৰটোলৈ দৈনিক বহু লোকৰ আগমন ঘটে বুলিও জানিবপৰা গৈছে । নিশা হ’লেই বহু সন্দেহজনক লোকৰ আহ-যাহ প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত সৃষ্টি হয় সন্দেহৰ । সেই অনুসৰিয়ে স্থানীয় লোকে বিষয়টো অৱগত কৰে স্থানীয় আৰক্ষীক । স্থানীয় লোকৰ পৰা আৰক্ষীয়ে গোপনে লাভ কৰা খবৰৰ ভিত্তিতেই শনিবাৰে নিশা অভিযান চলাই ভাড়াঘৰটোত ।
নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলোৱাৰ সময়ত ভাড়াঘৰটোত মুঠ পাঁচগৰাকীকৈ যুৱতী মহিলা আছিল যদিও তিনিগৰাকী যুৱতী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় ।
অৱশ্যে নাৰীদেহ ব্যৱসায় চলোৱাৰ মূল অভিযুক্ত মহিলাগৰাকীৰ লগতে আন এগৰাকী যুৱতীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । ইয়াৰ লগতে মূল অভিযুক্ত মহিলাগৰাকীৰ স্বামীকো আটক কৰে আৰক্ষীৰ দলটোৱে । অভিযানৰ সময়ত আৰক্ষীয়ে ভাড়াঘৰটোৰ পৰা বৃহৎ সংখ্যক কণ্ডমৰ লগতে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয় (Condom recovered in Nagaon)।
লগতে পঢ়ক: Anti Drugs Mission in Lakhimpur: তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ জেপত ওলাইছে ড্ৰাগছৰ কন্টেইনাৰ