ETV Bharat / state

বন বিভাগ আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ

author img

By

Published : Jul 28, 2021, 10:37 PM IST

নগাঁৱৰ শৃংগৰাপট্টিত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযান ৷ অভিযানকালত প্ৰায় এক লক্ষাধিক টকাৰ মূল্যৰ অবৈধ চেগুন কাঠ জব্দ ৷

নগাঁৱত বন বিভাগ আৰু আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ

বঢ়মপুৰ, 28 জুলাই : নগাঁও জিলাৰ (NAGAON) শৃংগৰাপট্টিত মঙলবাৰে নিশা বন বিভাগ (FOREST DEPARTMENT) আৰু আৰক্ষীয়ে (POLICE) যুটীয়াভাৱে এক অভিযান চলায় ৷ অভিযানত কালত বৃহৎ পৰিমাণৰ মূল্যবান কাঠ (WOOD) জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ৷ উল্লেখযোগ্য যে, শৃংগৰাপট্টিত তিনিখনকৈ ফাৰ্ণিচাৰৰ দোকানত অবৈধভাৱে মজুত কৰি ৰাখিছিল কাঠখিনি ৷ কঠিয়াতলী আৰক্ষীৰ (Kathiatoli Police) সহযোগত বন বিভাগে অভিযান চলাই ফাৰ্ণিচাৰ দোকানখনৰ পৰা প্ৰায় এক লক্ষাধিক টকা মূল্যৰ চেগুণ আৰু মাকৈ শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, পূৰ্বতেও বন বিভাগে উক্ত অঞ্চলটোৰ পৰা জব্দ কৰিছিল বহু মূল্যবান কাঠ ৷ অভিযানকাৰী দলটোৱে সদৰী কৰা অনুসৰি একাংশ অসাধু ব্যৱসায়ীয়ে পাহাৰৰ পৰা গছ কাটি চোৰাংকাঠৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMANTA BISWA SARMA) দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বন বিভাগক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল, যাতে ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নহয় ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা দেখা গৈছে একাংশই ৷

আজিও ৰাজ্যত অবাধ হাৰত অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বন বিভাগ আৰু আৰক্ষীৰ জালত পৰিছে অবৈধ কাঠ সৰবৰাহকাৰী ৷ শেহতীয়াকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানতো (dehing patkai national park) অবাধ হাৰত বন ধ্বংস যজ্ঞৰ সংঘটিত হোৱা বাতৰি পোহৰলৈ আহিছে ৷ তাৰপাছতো কঠোৰ হোৱা দেখা নাই ৰাজ্যৰ বিয়াগোম বন বিভাগক ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি প্ৰথমবাৰৰ বাবে দেশভক্তি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.