ETV Bharat / state

বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : May 27, 2021, 8:53 AM IST

Updated : May 27, 2021, 5:52 PM IST

চৰকাৰী চিকিৎসালয়ৰ আজৱ কাণ্ড ৷ বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল নগাঁৱৰ লাওখোৱাৰ এটা স্বাস্থ্য কেন্দ্ৰ ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Hospital cloesd due to budha purnima nagaon assam etv bharat news
বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱাৰ স্বাস্থ্য কেন্দ্ৰ

ৰূপহীহাট,27 মে’: চৌদিশে কৰ’ণা সংক্ৰমণৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডত নিয়োজিত চিকিৎসক, নাৰ্চৰ লগতে অন্যান্য স্বাস্থ্য কৰ্মীসকলে ৷ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ্তব্য সম্পাদন কৰিছে স্বাস্থ্যখণ্ডৰ প্ৰতিগৰাকী যোদ্ধাই ৷ কিন্তু এইখন অসমতে ঘটিছে এক নাভূত-নাশ্ৰুত কাণ্ড ৷ বুধবাৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থকা দেখা গ’ল নগাঁৱৰ লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰটো ৷ বিদ্যালয় অথবা অন্যান্য চৰকাৰী কাৰ্যালয়ে বন্ধ পালন কৰাৰ দৰে বন্ধ পালিলে এইখন চৰকাৰী চিকিৎসালয়ে ৷

বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগে 24 ঘণ্টাই কৰ’ণা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকাৰ বিপৰীতে এই স্বাস্থ্য কেন্দ্ৰত সংঘটিত এনে কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱাৰ লগতে ঔষধ বিচাৰি গৈ বিমুখ হ’বলগীয়া হয় সাধাৰণ জনতা ৷ কিয়নো চিকিৎসালয়খনৰ সন্মুখত আঁৰি থোৱা হৈছিল এখন এনে ফলক, য’ত লিখা আছিল বুদ্ধ পূৰ্ণিমা উপলক্ষে স্বাস্থ্য কেন্দ্ৰটোৰ বহিঃ বিভাগ বন্ধ থকাৰ কথা ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ এনে কাণ্ডত হতভম্ব হৈ পৰে ৰাইজ ৷

উল্লেখ্য যে, ক’ভিড-১৯ বাবে নগাঁৱতো তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ ইয়াৰ মাজতে চৰকাৰী চিকিৎসালয়ত ২৪ ঘণ্টাই ৰাইজক সেৱা প্ৰদান কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশ অনুযায়ী একাংশ চিকিৎসকে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ কিন্তু তেনে সময়তে লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ কৰ্তৃপক্ষই কৰা এনে কাৰ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : এতিয়াৰ পৰা ২৪ ঘন্টাই খোলা থাকিব মুখ্যমন্ত্ৰীৰ সচিবালয়

Last Updated : May 27, 2021, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.