নগাঁও,১৭ মাৰ্চ: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ প্ৰচাৰ চলাবলৈ বঢ়মপুৰৰ ৰাজহুৱা খেল পথাৰত আয়োজিত বিশাল জনসভাত বুধবাৰে উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । প্ৰায় আঠ সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ সমাগম ঘটা সভাখনলৈ হেলিকপ্তাৰেৰে আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ দলৰ লগতে মহাজোঁট বন্ধনৰ অন্যতম অংশীদাৰ এআইইউডিএফ-ক ।
"কংগ্ৰেছক ভোট দিলে বদৰুদ্দিন আজমলক দিছপুৰৰ দুৱাৰ খুলি দিয়া হ'ব, আকৌ আমি আজমলৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে তেন্তে জাতিয়ে আমাক কেতিয়াও ক্ষমা নকৰিব" বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । ৰকিবুলে হাতীৰ পিঠিত উঠে, আৰ পি শৰ্মা ঘোঁৰাৰ পিঠিত উঠে আৰু ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হ'বলৈ আজমলৰ পিঠিত উঠিছে বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ ।
আনহাতে একাংশ লোকৰ অভিযোগ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰাবলৈ আনিম বুলি হিমন্তৰ সভালৈ আনিছে তেওঁলোকক ।
লগতে পঢ়ক: বৰপেটাত ১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল