ETV Bharat / state

ক'ভিড ভেকচিন কেন্দ্ৰত প্ৰচণ্ড মাৰপিট সংঘটিত

author img

By

Published : Aug 2, 2021, 9:52 PM IST

ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ক'ভিড প্ৰতিষেধক (Vaccine)প্ৰদান অভিযান ৷ ইয়াৰ মাজে মাজে ৰাজ্যৰ বহু কেইটা ক'ভিড ভেকচিন কেন্দ্ৰত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা ৷

heavy-conflict-in-a-covid-vaccine-centre-in-kasua-of-nagaon
কচুৱাৰ এটা ক'ভিড ভেকচিন কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা

বঢ়মপুৰ, 2 আগষ্ট : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ক'ভিড সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ ৰাজ্যজুৰি অব্যাহত ৰাখিছে ক'ভিড প্ৰতিষেধক (Vaccine)প্ৰদান অভিযান ৷ ইয়াৰ মাজতে নগাঁও জিলাৰ কামপুৰ কচুৱাৰ বিৰিঙাআটি এল পি স্কুলৰ ক'ভিড ভেকচিন কেন্দ্ৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ ভেকচিনৰ বাবে দিয়া কুপন বিতৰণত খেলিমেলি কৰাক লৈ সংঘটিত মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হয় তিনিজনকৈ লোক ৷

উল্লেখ্য যে, পুৱাৰে পৰা কেন্দ্ৰটোত ভেকচিন ল’বলৈ ৰাইজৰ ভীৰ হৈছিল ৷ ভেকচিন কেন্দ্ৰটোত নিয়োজিত স্বাস্থ্যকৰ্মী গৰাকীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে 300 ব্যক্তিৰ বাবে ভেকচিন আহিছিল যদিও ভেকচিন ল’বলৈ গোট খাইছিল 500 জন লোক ৷ পৰৱৰ্তী সময়ত ভেকচিনৰ বাবে ৰাইজৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হোৱাৰ লগতে মাৰপিট সংঘটিত হয় ৷ এই ঘটনাত আহত হয় তিনিজন লোক ৷

ক'ভিড ভেকচিন কেন্দ্ৰত প্ৰচণ্ড মাৰপিট সংঘটিত

প্ৰাপ্ত খবৰ মতে, স্বাস্থ্যকৰ্মী গৰাকীৰ স্বামীয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল ভেকচিনৰ কুপন ৷

উপস্থিত সকলোকে কুপন দিব নোৱাৰাৰ বাবে ভেকচিন ল’বলৈ অহা একাংশ ব্যক্তিয়ে স্বাস্থ্যকৰ্মী গৰাকীৰ স্বামীৰ লগতে আন দুজন ব্যক্তিক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাত আঘাতপ্ৰাপ্তসকলক কচুৱাৰ মডেল হাস্পতালত ভৰ্তি কৰা হৈছে ৷ পূৰ্বে ধন লৈ কুপন প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে স্বাস্থ্যকৰ্মী গৰাকীৰ স্বামী প্ৰাঞ্জল প্ৰতীম ডেকাৰ বিৰুদ্ধে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীয়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়কঃ ৰাজ্যত দুসপ্তাহৰ বাবে পুনৰ জাৰি হ’ল নতুন SOP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.