কলিয়াবৰ, 18 মাৰ্চঃ কলিয়াবৰৰ কুঁৱৰীটোল আৰু শিলঘাটত শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিকিতা বৰ্মন, ভাস্বতী বৰ্মন আৰু লীলাকান্ত বৰা বিদ্যা নিকেতনৰ ছাত্ৰী নিবেদিতা বৰ্মন আৰু তেওঁলোকৰ মাতৃৰ আত্মাৰ সদগতিৰৰ বাবে মঙলবাৰে স্থানীয় ৰাইজ, মৰপাট কলৰ কৰ্মীসকলৰ লগতে বিদ্যালয়ৰ কতৃপক্ষ একত্ৰিত হৈ আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্জ্বলন কৰে।
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়-ববীয়া, কুঁৱৰীটোলৰ ব্যৱসায়ী, সাংবাদিক আৰু কেবাজনো ব্যক্তিৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে তিনিও ভগ্নীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে বন্তি প্ৰজ্জ্বলনৰ লগতে তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে। এই অনুষ্ঠানটোত আছুৰ কলিয়াবৰ শাখাৰ সভাপতি মৃগাঙ্ক শেখৰ ভৰালী হাজৰিকাই হত্যাকাণ্ডটোৰ তীব্ৰ গৰিহণা কৰাৰ লগতে হত্যাকাণ্ডৰ উৎস অবাধ তীৰ-জুৱাৰ প্ৰচলন বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাই। কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি নৃপেন চন্দ্ৰ কেওঁটেও তিনিওগৰাকী ছাত্ৰীৰ আত্মাৰ সদগতি কামনা কৰে।
লগতে পঢ়কঃ কলিয়াবৰত পত্নীসহ তিনি কন্যাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা পিতৃৰ