ETV Bharat / state

জীয়ৰী হত্যাৰ পিছত আত্মহত্যা পিতৃৰ

author img

By

Published : Jul 7, 2021, 11:05 AM IST

ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহতাৰ মাজতে নগাঁও জিলাৰ ৰূপহীহাটৰ লাওখোৱা চাপৰিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ দুই কন্যা সন্তানক বিহ খুৱাই নিজেও বিহ পান কৰি আত্মহত্যা কৰাৰ চেষ্টা এগৰাকী পিতৃৰ ৷

heartbreaking-incident-happened-at-laukhuwa-sapori
লাওখোৱা চাপৰিত হৃদয় বিদাৰক ঘটনা

ৰূপহীহাট, 7 জুলাই : লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭নং‌ বগামুখত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ স্বামী-স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দল চলি থকাৰ মাজতে ৰহিম আলী নামৰ ব্যক্তিজনে দুজনীকৈ কন্যা সন্তানক বিহ খুৱাই হত্যা কৰে ৷ লগতে নিজেও আত্মহত্যাৰ চেষ্টা চলায় ৷

এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ ৰূপহীহাটত ৷ জানিব পৰা মতে, পত্নীৰ সৈতে চলি থকা পাৰিবাৰিক কন্দলৰ বাবে স্বামী ৰহিম আলীৰ বিৰুদ্ধে গোচৰ তৰি দুই সন্তানৰ সৈতে পিতৃগৃহত আশ্ৰয় লৈছিল পত্নীয়ে ৷ কিন্তু সোমবাৰে আলীয়ে শহুৰেকৰ ঘৰৰ পৰা দুই সন্তানক ঘৰলৈ আনি বিহপান কৰোৱাৰ লগতে নিজেও বিহ সেৱন কৰে ৷

লাওখোৱা চাপৰিত হৃদয় বিদাৰক ঘটনা

সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে গম পাই অতি সংকটজনক অৱস্থাত দুই সন্তানৰ লগতে ৰহিম আলীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

কিন্তু এগৰাকী কন্যাই নিশাই মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে মঙলবাৰে আনগৰাকী সন্তানৰো মৃত্যু হয় । ইফালে ৰহিম আলীৰ পৰিয়ালে পত্নীৰ পিতৃৰ ঘৰতে পত্নীয়ে বিহ পান কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰহিম আলীৰ পৰিয়ালৰ লোকে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য় ৷

লগতে পঢ়কঃ জোনাইৰ কবু চাপৰিত চিয়াঙৰ ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.