ETV Bharat / state

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নগাঁৱত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ - Protest

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ সাব্যস্ত খোদ স্বাস্থ্য কৰ্মীৰ ৷ সম্প্ৰতি বিভাগটোত কৰ্মৰত অস্থায়ী স্বাস্থ্য কৰ্মীক বঞ্চিত কৰি স্থায়ী নিযুক্তি দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে স্বাস্থ্য কৰ্মীসকলে ৷ উক্ত প্ৰতিবাদত অংশ লয় জিলাখনৰ কোভিড চিকিৎসালয়ত কৰ্মৰত কৰ্মীসকলেও ৷

Health worker protest against medical department of nagaon assam etv bharat news
নগাঁৱত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Jul 2, 2020, 3:02 PM IST

নগাঁও,2 জুলাই: স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদত কঁপি উঠিল নগাঁও চহৰ । স্বাস্থ্য় বিভাগৰ বঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে ৷ জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কৰ্মৰত ৫৭ গৰাকী অস্থায়ী কৰ্মচাৰীক বঞ্চিত কৰি স্বাস্থ্য বিভাগে অন্য ব্যক্তিক স্থায়ী নিযুক্তি দিয়াৰ এক আঁচনি গ্ৰহণ কৰে ৷ বিভাগটোৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে ৷

নগাঁৱত স্বাস্থ্য কৰ্মীৰ প্ৰতিবাদ

ইফালে কোভিড চিকিৎসালয়ত কৰ্মৰত চাফাইৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলেও এই কাৰ্যসূচীত অংশ লয় । প্ৰতিবাদী কৰ্মচাৰীসকলে শীঘ্ৰে চিকিৎসালয়খনত স্থায়ী কৰ্মীৰ নিযুক্তিৰ দাবী উত্থাপন কৰে । কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ ফলত চিকিৎসালয়খনত যথেষ্ঠ অসুবিধাৰ সৃষ্টি হোৱাত জিলা উপায়ুক্ত যাদৱ শইকীয়া, বিধায়ক ৰূপক শৰ্মা আদি উপস্থিত হৈ দলটোৰ সৈতে এক আলোচনাত মিলিত হয় ৷ প্ৰতিবাদী দলটোৱে উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে চাওকঃ ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.