কলিয়াবৰ, ২৮ জুলাই: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India) হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'(Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশত চলি থকা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানে(Har Ghar Tiranga Abhiyan) অসমতো এক গতি লাভ কৰিছে(Har Ghar Tiranga Programme in Kaliabar) । কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তসমূহত প্ৰস্তুত কৰি উলিওৱা পতাকাসমূহৰ বিক্ৰীৰ বাবে বুধবাৰে হাটবৰ আৰু জখলাবন্ধাত দুটাকৈ বিক্ৰী কেন্দ্ৰ মুকলি কৰে । বিক্ৰী কেন্দ্ৰ দুটাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বৰগোঁহাই ।
বুধবাৰে হাটবৰত মহিলা আত্ম সহায়ক গোটসমূহৰ জ্ঞানোদয় মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে । কেন্দ্ৰটো মুকলি কৰি পবিত্ৰ কুমাৰ দাসে ভাৰতৰ স্বাধীনত ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে 'আজাদী কা অমৃত উৎসৱ'ৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা 'ঘৰে-ঘৰে ত্ৰিৰংগা’ অভিযানত কলিয়াবৰীয়া ৰাইজৰ সহযোগিতা কামনা কৰে ।
তদুপৰি, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালসমূহৰ বাবে কলিয়াবৰৰ সকলো সুলভ মূল্যৰ দোকানতে প্ৰতিখন ৰাষ্ট্ৰীয় পতাকাত কেৱল ওঠৰ টকাত উপলব্ধ হ'ব বুলিও ঘোষণা কৰে । আনহাতে, সাধাৰণ পৰিয়ালৰ বাবে এই পতাকাৰ মূল্য চল্লিশ টকা ধাৰ্য্য কৰা হৈছে বুলিও মহকুমাধিপতিগৰাকীয়ে অৱগত কৰে ।
আনহাতে, জখলাবন্ধাত বিয়লি বেলা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত মহিলা আত্ম সহায়ক গোটসমূহৰ পঞ্চায়তৰ নৱপ্ৰদীপ মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰটো মুকলি কৰে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বৰগোঁহায়ে । খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে পতাকা ক্ৰয় কৰি ১৩ৰ পৰা ১৫ আগষ্টলৈকে ঘৰে-ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে এই অভিযানে দেশৰ স্বাধীনতা দিৱসৰ মৰ্ম উপলব্ধি কৰি দেশ মাতৃৰ সেৱাৰ মনোভাৱ জগাই তুলিব বুলি আশা প্ৰকাশ কৰে । দুয়োটা মুকলি অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াবৰ্গৰ লগতে আত্ম সহায়ক গোটৰ সদস্যাসকল উপস্থিত থাকে ।
লগতে পঢ়ক: Land-centric disputes: ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত কলগাছিয়া; সাতজন আহত