কলিয়াবৰ, 3 মেঃ লক্ ডাউনৰ মাজতে শনিবাৰে সন্ধিয়া জখলাবন্ধা বাণিজ্যিক এলেকাত আৰক্ষীয়ে অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণ গুটখা জব্দ কৰে। জখলাবন্ধাৰ ৰাজুমনি কুমাৰ নামৰ ব্যৱসায়ীজনে লক্ ডাউনৰ নীতি-নিৰ্দেশনা অমান্য কৰি গুটখা বিক্ৰী কৰিবলৈ গুদামত ধপাত, গুটখা আদি মজুত ৰাখিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ লগতে ৰাজুমণি কুমাৰৰ গুটখাৰ গুদামৰ পৰা আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ ফটকা । জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ'ব বুলি অৱগত কৰে আৰক্ষীয়ে ।
জখলাবন্ধাত বৃহৎ পৰিমাণৰ গুটখা আৰু ফটকা জব্দ - জখলাবন্ধা বাণিজ্যিক এলেকাত আৰক্ষীয়ে অভিযান চলায়
জখলাবন্ধাৰ ৰাজুমনি কুমাৰ নামৰ ব্যৱসায়ীজনে লক্ ডাউনৰ নীতি-নিৰ্দেশনা অমান্য কৰি গুটখা বিক্ৰী কৰিবলৈ গুদামত ধপাত, গুটখা আদি মজুত ৰাখিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
![জখলাবন্ধাত বৃহৎ পৰিমাণৰ গুটখা আৰু ফটকা জব্দ জখলাবন্ধাত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা আৰু ফটকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7038737-350-7038737-1588484252713.jpg?imwidth=3840)