ETV Bharat / state

নগাঁৱৰ বহু ব্যৱসায়ীৰ মাজত হাহাকাৰ: হোটেলৰ কোঠালিত কিয় ভীৰ লগাইছে ব্যৱসায়ীয়ে ?

author img

By

Published : Mar 22, 2022, 10:32 PM IST

নগাঁৱৰ বহু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মাজত লাগিল হাহাকাৰ। নগাঁৱত জি এছ বিভাগৰ অভিযান। জিএছ টিৰ নথি পত্ৰ বিচাৰি ব্যৱসায়ীক হোটেল পিয়ুষ ৰিজেঞ্চিলৈ তলব জিএছটি বিভাগৰ অভিযানকাৰী এটা দলৰ (GST raid in nagaon )।

gst-raid-in-nagaon
নগাঁৱৰ বহু ব্যৱসায়ীৰ মাজত হাহাকাৰ : হোটেলৰ কোঠালিত কিয় ভীৰ লগাইছে ব্যৱসায়ীয়ে ?

নগাঁও, 22 মাৰ্চ: মঙলবাৰে হঠাৎ হাহাকাৰ লাগিল নগাঁৱৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত । জিএছটি ফাঁকিৰে ব্যৱসায় কৰা একাংশ ব্যৱসায়ীৰ মাজত সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতিৰ (mission against GST fraud) ৷ বিক্ৰীকৰ বিভাগৰ এটা অভিযানকাৰী দলৰ অভিযানৰ পিছতে সৃষ্টি হয় এই পৰিস্থিতিৰ । উল্লেখযোগ্য যে, মঙলবাৰে নগাঁৱৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰীকৰ বিভাগে চলালে অভিযান। ব্যৱসায়িক প্ৰতিষ্ঠানৰ জিএছটিৰ নথি বিচাৰি গুৱাহাটীৰ বিক্ৰীকৰ বিভাগৰ এটা দল নগাঁৱত উপস্থিত হৈ আৰম্ভ কৰে অভিযান (Gst raid in Nagaon ) ।

অভিযানকাৰী দলটোৱে নগাঁৱৰ হোটেল পিয়ুষ ৰিজেঞ্চিত তলব কৰে বহু ব্যৱসায়ীক। জিএছটিৰ তথ্য বিচাৰি অভিযানকাৰী দলটোৱে নগাঁও চহৰৰ বহু ব্যৱসায়ীক তলব কৰিছে বিক্ৰীকৰ বিভাগৰ অভিযানকাৰী দলটোৱে। মঙলবাৰে দিনৰ ভাগতে নগাঁও চহৰৰ হোটেল পিয়ুষ ৰিজেঞ্চিত বাহৰ পাতি আৰম্ভ কৰিছে অভিযান । বিক্ৰীকৰ বিভাগৰ অভিযানৰ উমান পায়েই একাংশ ব্যৱসায়ীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি পলায়ন কৰা বুলিও জানিব পৰা গৈছে ।

ইপিনে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ অভিযান চলোৱাৰ বিপৰীতে হোটেল পিয়ুছ ৰিজেঞ্চিত বহি ব্যৱসায়িক প্ৰতিষ্ঠানৰ জিএছটিৰ নথি বিচাৰি ব্যৱসায়ীক তলব কৰা বিষয়টোক লৈও একাংশৰ মনত সৃষ্টি হৈছে সন্দেহৰ ।

ইপিনে একাংশ ব্যৱসায়ীৰ ব্যৱসায়ত অসুবিধা হ’ব পাৰে বুলিয়েই তেওঁলোকক হোটেল পিয়ুছ ৰিজেঞ্চিলৈ তলব কৰা হৈছে বুলি মন্তব্য কৰে অভিজানকাৰী দলটোৱে । মুঠৰ ওপৰত জিএছটিৰ তথ্য বিচাৰি বিক্ৰীকৰ বিভাগে নগাঁৱত চলোৱা অভিযানত হাহাকাৰ লাগিছে একাংশ ব্যৱসায়ীৰ মাজত। দীৰ্ঘদিন ধৰি জিএছটি ফাঁকিৰে ব্যৱসায় কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানকাৰী দলটোৱে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়।
লগতে পঢ়ক : Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.