কলিয়াবৰ,১৬ মে': উখল-মাখল কলিয়াবৰ মহাবিদ্যালয় । তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চলি থকা কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত সোমবাৰে দ্বিতীয় দিনৰ কাৰ্য্যসূচীৰ অন্ত পৰে(Golden Jubilee Celebrations of Kaliabor Collage) । সোমবাৰে বিয়লি ভাগত অনুষ্ঠিত হয় সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভা ।
স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰ জ্যোতি চৌধুৰীয়ে । গ্ৰন্থখনি উন্মোচন কৰি চৌধুৰীয়ে কয় যে কলিয়াবৰ মহাবিদ্যালয়ে অঞ্চলটোত যি শিক্ষাৰ পোহৰ বিলাবলৈ প্ৰয়াস কৰি আহিছে সেয়া অসমৰ শিক্ষা জগতৰ বুৰঞ্জীত স্মৰণীয় হৈ থাকিব । কলিয়াবৰ মহাবিদ্যালয়ে কেৱল শিক্ষাদানতে যে ব্যস্ত থাকে এনে নহয়, কলেজখনে স্থানীয় অঞ্চলটোত কিছু উন্নয়নমূলক কামতো জড়িত হোৱাতো গৌৰৱৰ কথা ।
মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচী অনুসৰি নিশালৈ সংগীতানুস্থান আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাই । জুবলীৰ গীতত মোহাচন্ন সমগ্ৰ কলিয়াবৰবাসী । উল্লেখ্য যে, কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ে অতিক্ৰম কৰা গৌৰৱময় সময়ৰ স্মৃতি ৰোমন্থনৰ সোণালী জয়ন্তী সমাৰোহ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰৰে পৰা অনুষ্ঠিত হৈছে । মঙ্গলবাৰে এই অনুষ্ঠানৰ সামৰণী পৰিব ।
লগতে পঢ়ক: লখিমপুৰত বানৰ তাণ্ডৱ: ক্ষতিগ্ৰস্ত পাঁচ শতাধিক পৰিয়াল