ETV Bharat / state

এখন বিশেষ চাইকেল বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ স্বৰ্ণ পদক বিজয়ী খেলুৱৈৰ

author img

By

Published : Sep 30, 2020, 12:56 PM IST

Updated : Sep 30, 2020, 6:22 PM IST

স্থানীয় জনপ্ৰতিনিধি গৰাকীক আশা নকৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন বিশেষ চাইকেল বিচাৰি অনুৰোধ জনালে নগাঁৱৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে ৷ খেলুৱৈ গৰাকীয়ে খেলো ইণ্ডিয়াৰ চাইক্লিং প্ৰতিযোগিতাত ব্ৰঞ্জ আৰু ৰূপৰ পদকৰ লগতে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল ৷

স্বৰ্ণপদক বিজয়ী খেলুৱৈ
স্বৰ্ণপদক বিজয়ী খেলুৱৈ

নগাঁও, 30 চেপ্তেম্বৰ: চৰকাৰৰ পৰা বিচৰা সুবিধাৰ পৰা বঞ্চিত হৈ থকা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ ৷ এখন চাইকেলৰ বাবে স্থানীয় বিধায়কক অনুৰোধ জনাইছিল খেলুৱৈ গৰাকীয়ে ৷ কিয়নো সেই বিশেষ চাইকেল খন ক্ৰয় কৰিবলৈ খেলুৱৈ গৰাকীৰ নাই পৰ্যাপ্ত সামৰ্থ ৷ সেই বিশেষ চাইকেলৰ জৰিয়তে খেলুৱৈ গৰাকীয়ে মনত পুহি ৰাখিছে বিশ্ব জয় কৰাৰ সপোন ৷ কিন্তু এখন চাইকেল নোহোৱাৰ বাবে সেই থমকি ৰ'বলগীয়া হৈছে সেই সপোনৰ পৰা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই খেলুৱৈ গৰাকীৰ নাম গংগোত্ৰী বৰদলৈ ৷ বিগত খেলো ইণ্ডিয়াৰ চাইক্লিং প্ৰতিযোগিতাত খেলুৱৈ গৰাকীয়ে ব্ৰঞ্জ আৰু ৰূপৰ পদকৰ লগতে স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল ৷ তাৰ পাচতেই তেওঁৰ ঘৰলৈ গৈছিল ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস ৷ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এখন চাইকেল প্ৰদানৰ ৷ কিন্তু আজিলৈ তেওঁৰ সেই প্ৰতিশ্ৰুতিত ফল নধৰিল ৷

এখন বিশেষ চাইকেল বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ স্বৰ্ণপদক বিজয়ী খেলুৱৈৰ

যাৰ বাবে মঙলবাৰে খেলুৱৈ গৰাকীয়ে নগাঁৱত অনুষ্ঠিত এখন সম্বৰ্ধনা অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত নিজৰ অসুবিধাৰ বিষয়ে প্ৰকাশ কৰি আৱেগিক হৈ পৰে ৷ কিয়নো স্থানীয় জনপ্ৰতিনিধি গৰাকীয়ে গংগোত্ৰীক প্ৰয়োজন হোৱা চাইকেল খনৰ মূল্যৰ বিষয়ে অৱগত হোৱাৰ পাচৰে পৰাই,তেওঁৰ গা এৰা দিয়া এক মনোভাৱ প্ৰকাশ পোৱা বুলি উল্লেখ কৰে খেলুৱৈ গৰাকীয়ে ৷ সেয়েহে এইবাৰ স্থানীয় জনপ্ৰতিনিধি গৰাকীক আশা নকৰি খেলুৱৈ গৰাকীয়ে এখন চাইকেলৰ বাবে অনুৰোধ জনালে শাসনাধীন চৰকাৰ খনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ তেওঁক উল্লেখ কৰা অনুসৰি,সেই চাইকেল খনে তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাবলৈ সুযোগ প্ৰদান কৰিব ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাবলৈ খেলুৱৈ গৰাকীয়ে অনুশীলন অব্যাহত ৰাখিছে যদিও,সম্প্ৰতি সেই বিশেষ চাইকেল খনৰ অভাৱে বাৰুকৈয়ে ভাৰাক্ৰান্ত কৰিছে তেওঁক ৷

স্বৰ্ণ পদক বিজয়ী খেলুৱৈ গংগোত্ৰী বৰদলৈ
স্বৰ্ণ পদক বিজয়ী খেলুৱৈ গংগোত্ৰী বৰদলৈ

উল্লেখ্য যে,মঙলবাৰে নগাঁৱৰ চক দে ফাউণ্ডেশ্যনে খেলো ইণ্ডিয়াত পদক লাভ কৰা 12 গৰাকীকৈ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ চক দে ফাউণ্ডেশ্যনৰ অন্যতম প্ৰতিষ্ঠান নগাঁৱৰ বৰঘাটস্থিত ধাবাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে খেলুৱৈসকলক জ্ঞাপন কৰে ৷

লগতে পঢ়ক: ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ

Last Updated : Sep 30, 2020, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.