ETV Bharat / state

Nagaon women organisation: মল্লযোদ্ধাৰ প্ৰতিবাদলৈ সঁহাৰি নগাঁৱৰ জাগৃত সংগ্ৰামী নাৰী বাহিনীৰ - ধৰ্ষণৰ অভিযোগত অভিযুক্ত বীজ ভূষণ

নগাঁৱত প্ৰগতিশীল নাৰী সন্থাৰ সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সকলো । মল্লযোদ্ধাৰ পক্ষত থিয় দিয়ে নাৰী সন্থাই (Women organisation in Nagaon) ।

women organisation in nagaon
বিজেপি চৰকাৰৰ বিৰুদ্ধে সমদল
author img

By

Published : Jun 9, 2023, 1:13 PM IST

বিজেপি চৰকাৰৰ বিৰুদ্ধে সমদল

নগাঁও, 9 জুন : মল্লযোদ্ধাৰ পক্ষত থিয় দি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰগতিশীল নাৰী সন্থা । সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁৱৰ জাগৃত সংগ্রামী নাৰী বাহিনীৰ আহ্বানত বৃহস্পতিবাৰে বিয়লি এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । দিলোৱাৰা বেগমৰ সঞ্চালনাত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰি সংগঠনটোৰ সম্পাদিকা মালবিকা বৰাই সাম্প্ৰতিক দেশ তথা ৰাজ্যত নাৰীৰ মৰ্যাদাৰ কথাতো বাদেই নিৰাপত্তাই নোহোৱা হৈ পৰিছে বুলি মন্তব্য কৰে ৷

সম্পাদিকা মালবিকা বৰাই লগতে আৰু কয় যে, ঘৰুৱা হিংসা, কামৰ ঠাইৰ পৰা আৰম্ভ কৰি বাটে-ঘাটে বাদেই খোদ ৰাষ্ট্রৰ আইন প্ৰণেতা আৰু আইন কাৰ্যকৰী কৰা বাহিনীৰ ওচৰতেই নাৰী নিৰাপদ নহয় । সমাজত নাৰী সুৰক্ষিত নোহোৱাৰ কথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা মল্লযোদ্ধা সকলৰ পৰা আৰম্ভ কৰি জোনমণি ৰাভাৰ সন্দেহজনক অপমৃত্যুৰ ঘটনাৰাজিয়ে প্ৰতিপন্ন কৰিছে বুলিও ভাষণত অভিহিত কৰে নাৰী সন্থাৰ নেত্ৰীগৰাকীয়ে ।

সভাত অংশগ্ৰহণ কৰি সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা তথা সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই নিজৰ ভাষণত কয় যে, বিজেপিৰ শাসন কালত দেশৰ এমুঠিমান মানুহৰ বাদে গৰিষ্ঠ সংখ্যক লোকৰ আজি জীৱন আৰু জীৱিকাৰ প্রতি সংশয় নামি আহিছে । নাৰী সমাজ ভয়ানক বিপদৰ সন্মুখীন হ'ব লগা হৈছে ।

বিলকিছ বানুৰ ধৰ্ষণকাৰীক মুক্ত কৰি সন্মান দিয়া, দেশৰ গৌৰৱ মহিলা মল্লযুঁজাৰু সকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত সাংসদ ব্ৰীজভূষণ সিঙে সগৌৰৱে সাংসদৰ মৰ্যাদা ভোগ কৰি থকা, নতুন সংসদ ভৱন উদ্বোধনৰ পৰা মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুক নিলগাত ৰখা আদি কাণ্ডই বিজেপিৰ নাৰী বিৰোধী অৱস্থানকেই উদঙাই দিছে । এনে এক ভয়াৰ্ত সময়ত শক্তিশালী নাৰী সংগঠন আৰু নাৰী আন্দোলন গঢ়ি তোলাতো সময়ৰেই দাবী বুলি তেওঁ মত প্ৰকাশ কৰে ।

সভাৰ সৰ্বসন্মতিক্ৰমে জাগৃত সংগ্ৰামী নাৰী বাহিনীয়ে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ লগত একত্ৰিত হৈ প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও সদৰ সমিতি গঠনৰ পোষকতা কৰি দিলোৱাৰা বেগমক সভানেত্ৰী আৰু মালবিকা বৰাক সম্পাদিকা হিচাপে লৈ ন জনীয়া সন্থাৰ নগাঁও সদৰ সমিতি গঠন কৰে । সভাৰ শেষত নগাঁও-ধিং পথৰ চিলঙণিত প্রায় শতাধিক মহিলাৰ অংশগ্ৰহণত "ধৰ্ষণৰ অভিযোগত অভিযুক্ত বীজ ভূষণক গ্ৰেপ্তাৰ কৰক", "বীজ ভূষণৰ সাংসদ পদ খাৰিজ কৰক", "মহিলা মল্লযোদ্ধা সকলৰ পক্ষত থিয় দিয়ক" আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে আয়েফা বেগম, মালবিকা বৰা আৰু উমা পাটৰে ।

লগতে পঢ়ক : Wrester protest: নাবালিকা মল্লযুঁজাৰুৰ পিতৃৰ ভাষ্য সলনি; প্ৰতিশোধৰ বাবে ভুৱা অভিযোগ উত্থাপনৰ কৰা স্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.