ETV Bharat / state

কেঁকসাপসহ আৰক্ষীৰ জালত ৯ জনকৈ সৰবৰাহকাৰী

author img

By

Published : Sep 20, 2020, 7:01 AM IST

কেঁকোসাপ সহ নগাঁও আৰক্ষীৰ জালত ৯ সৰবৰাহকী । জব্দ নম্বৰ প্লেট বিহীন বলেৰ' বাহন । হয়বৰগাঁও আৰক্ষীয়ে বাহনখন জব্দ কৰি চলোৱা তালাচীত এটা সৰবৰাহকাৰীৰ কঁকালত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় কেঁকোসাপটো ।

gecko recovered
gecko recovered

নগাঁও, 19 ছেপ্টেম্বৰ : চোৰাংকৈ কেঁকোসাপ বিক্ৰী কৰিবলৈ আহি নগাঁও আৰক্ষীৰ জালত পৰিল 9 টাকৈ সৰবৰাহকাৰী। কাৰ্বি আংলং, কলিয়াবৰ আৰু চামগুৰি অঞ্চলৰ সৰবৰাহকাৰী কেইটাই এখন নম্বৰ প্লেট বিহীন বলেৰ' বাহনেৰে নগাঁও জিলাৰ জুৰীয়া অঞ্চলত বিক্ৰীৰ বাবে আনিছিল কেঁকোসাপ ।

কিন্তু নগাঁও চহৰ পাৰ হোৱাৰ সময়তে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নিৰ্দেশত হয়বৰগাঁও আৰক্ষীয়ে বাহনখন জব্দ কৰি চলোৱা তালাচীত এটা সৰবৰাহকাৰীৰ কঁকালত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় কেঁকোসাপটো । লগতে বাহনখনৰ পৰা উদ্ধাৰ হয় আন এটা কেঁকোসাপৰ নেজ । ধৃত চোৰাং চিকাৰী কেইটা কাৰ্বি আংলং জিলাৰ মৈচাং গাঁৱৰ ঠেৰাং টেৰণ, বালিপথাৰৰ ভেৰাং তেৰাং, নগাঁৱৰ জখলাবন্ধাৰ শাকমুঠীয়া চাহ বাগিচাৰ দিলীপ টছা, বামুনীগাঁৱৰ নবী হুছেইন, কলিয়াবৰ বামুনী ভেটাবাৰীৰ মইনুল হক, নুৰ হুছেইন, ১ নং হাতীগাঁৱৰ মফিজ উদ্দিন, হোজাই জিলাৰ কাকীৰ চাইদুৰ ৰহমান আৰু মইনুল হক ।

কেঁকসাপসহ আৰক্ষীৰ জালত ৯ জনকৈ সৰবৰাহকাৰী

কেঁকোসাপ সৰবৰাহত ব্যৱহাৰ কৰা বলেৰ' বহনখনৰ লগতে নগদ সাত হাজাৰ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে। হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ।

লগতে পঢ়ক : অসমত জন্ম হ'ব নেকি আন এক ৰাজনৈতিক দলৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.