ETV Bharat / state

দলত থাকিলে দলৰ স্বাৰ্থক হে আগস্থান দিয়া উচিত : গৌৰৱ গগৈ

author img

By

Published : Jun 18, 2021, 7:35 PM IST

সাংসদ গৌৰৱ গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ প্ৰসংগত কয়, যদি বিধায়ক গৰাকীৰ অভিযোগ আছিল, সেই অভিযোগ দলীয় মঞ্চতে সমাধান কৰিব পৰা গ'লহেঁতেন । এটা দলত থাকিলে দলীয় স্বাৰ্থকহে আগস্থান দিয়া উচিত । যদিহে কিবা ব‍্যক্তিগত স্বাৰ্থ থাকে তেতিয়া হ'লে ৰাজনীতি কৰা অনুচিত । ব‍্যক্তিস্বাৰ্থ সিদ্ধি কৰাৰ বাবে আন ভালেমান উপায় আছে ।

দলত থাকিলে দলৰ স্বাৰ্থক হে আগস্থান দিয়া উচিত: গৌৰৱ গগৈ

কলিয়াবৰ,18জুন : শুকুৰবাৰে কলিয়াবৰত উপস্থিত হৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ মৰিয়নী সমষ্টিৰ চৰ্তুথবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দল ত্যাগ কৰা সৰ্ম্পকে পোন প্ৰথম বাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংসদ গৌৰৱ গগৈয়ে কয় যে, যদি বিধায়ক গৰাকীৰ অভিযোগ আছিল, সেই অভিযোগ দলীয় মঞ্চতে সমাধান কৰিব পৰা গ'লহেঁতেন । এটা দলত থাকিলে দলীয় স্বাৰ্থকহে আগস্থান দিয়া উচিত । যদিহে কিবা ব‍্যক্তিগত স্বাৰ্থ থাকে তেতিয়া হ'লে ৰাজনীতি কৰা অনুচিত । ব‍্যক্তিস্বাৰ্থ সিদ্ধি কৰাৰ বাবে আন ভালেমান উপায় আছে ।

সাংসদ গৰাকীয়ে লগতে আৰু কয় যে, কংগ্ৰেছ দলৰ সক্ৰিয় নেতা ৰূপে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দলত এক সুকীয়া স্থান আছিল । সেয়ে দলৰ জ‍্যেষ্ঠ নেতাৰ বিৰুদ্ধে বিভিন্ন সময়ত কৰা মন্তব‍্যৰ পাচতো দলীয় ভাবে তেওঁৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ গৌৰৱ গগৈয়ে কয় মোৰ লগত ব‍্যক্তিগতভাৱে এই অভিযোগবোৰৰ বিষয়ে আলোচনা কৰিছিল যদিও কুৰ্মীয়ে অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এনে সিদ্ধান্তই দলটোক ক্ষতি নকৰে । বৰ্তমান অৱস্থাত কংগ্ৰেছ দলে ৰাইজৰ সেৱা আগবঢ়াই আছে আৰু আগবঢ়াই যাব ৷ দলত কোন আছে, কোন নাই সেইটো গুৰুত্বপূৰ্ণ নহয় । গতিকে, অনাগত দিন পূৰ্বৰ দৰেই কংগ্ৰেছ দলক ৰাইজে আকোৱালি ল'ব বুলি মন্তব্য কৰা দেখা গ’ল সাংসদ গৰাকীক ।

উল্লেখযোগ্য যে, অৱধাৰিত ভাৱেই কংগ্ৰেছ দল আৰু বিধায়ক পদ শুকুৰবাৰে ত্যাগ কৰিলে চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi)। শুকুৰবাৰে বিধানসভা সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) । তেওঁক সংগ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika) আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাই (Jayantamalla Baruah) ।

ইপিনে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰা আন একাংশ নেতাকো আজি ৰূপজ্যোতি কুৰ্মীৰ সৈতে দেখা যায় । আনহাতে, বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে । অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে তীৰ্যক মন্তব্যৰে আক্ৰমনাত্মক হৈ পৰে ৰূপজ্যোতি কুৰ্মী ।

তেওঁ কয় যে, কংগ্ৰেছত মাত্ৰ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ ৰাজত্ব চলিছে । চাৰিবাৰকৈ বিধায়ক হিচাপে বিজয়ী হোৱাৰ পিছতো তেওঁক গুৰুত্বহীন কৰি ৰখা হৈছে কংগ্ৰেছ দলত । তেওঁ বিৰোধী দলপতি নাইবা প্ৰদেশ কংগ্ৰেছৰ সভাপতি কিম্বা বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটীৰ অধ্যক্ষৰ পদ বিচাৰিছিল যদিও কংগ্ৰেছে নিদিলে বুলি কয় ।

লগতে ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰে যে,- "ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে ।" আনহাতে, ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi) আজি স্পষ্টকৈ ঘোষণা কৰে যে অহা সোমবাৰে তেওঁ লখিমপুৰত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ।

লগতে পঢ়ক: ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.