ETV Bharat / state

প্ৰশাসনৰ নীতি-নিয়ম ভংগ সাংসদ গৌৰৱ গগৈৰ!

author img

By

Published : Jul 13, 2020, 10:00 PM IST

কৰ'ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈ আহযাহ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে । কিন্তু সোমবাৰে চৰকাৰী নীতি-নিয়ম ভংগ কৰি সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটীৰ পৰা পোনে-পোনে আহি উপস্থিত হয় বটদ্ৰৱা থানত । চৰকাৰী নিয়ম ভংগ কৰি এগৰাকী জনপ্ৰতিনিধিয়ে এনেদৰে থান দৰ্শন কৰিবলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত ।

GAURAV GOGOI AT BATADRAVA
প্ৰশাসনৰ নীতি-নিয়ম ভংগ সাংসদ গৌৰৱ গগৈৰ!

বটদ্ৰৱা, 13 জুলাই : কৰ'ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে নগাঁও জিলাৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈ আহযাহ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে । বিশেষ কাৰণত কোনো ব্যক্তি যদি গুৱাহাটীৰ পৰা আহে তেন্তে চৰকাৰৰ নিয়ম অনুসৰি কোৱাৰেণ্টাইনত থকাৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে ৷

প্ৰশাসনৰ নীতি-নিয়ম ভংগ সাংসদ গৌৰৱ গগৈৰ

কিন্তু সোমবাৰে চৰকাৰী নীতি-নিয়ম ভংগ কৰি সাংসদ গৌৰৱ গগৈয়ে গুৱাহাটীৰ পৰা পোনে-পোনে আহি উপস্থিত হয় বটদ্ৰৱা থানত । সাংসদ গৰাকীয়ে থান দৰ্শন কৰাৰ লগতে আশীষ লয় গুৰুজনাৰ । লগতে,এক আলোচনাত পৰিচালনা সমিতিৰ লগত এক আলোচনাতো মিলিত হয় সাংসদ গৰাকী ।

আনহাতে,চৰকাৰী নিয়ম ভংগ কৰি এগৰাকী জনপ্ৰতিনিধিয়ে এনেদৰে থান দৰ্শন কৰিবলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত । সাংসদ গৰাকীৰ এনে কাৰ্যত দল-সংগঠনে সমালোচনা কৰাৰ লগতে নগাঁও জিলা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.