কলিয়াবৰ, 24 জুন : ক'ৰণা ভাইৰাছৰ সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে কলিয়াবৰৰ এটা কোৱাৰেন্টাইন চেন্টাৰত থকা আৱাসীয়ে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ । জখলাবন্ধাৰ ছেইন্ট ৰবাৰ্টচ হাইস্কুলত কোৱাৰেন্টাইন হৈ থকা 16 গৰাকী যুৱকে বিদ্যালয় চৌহদত এখনি আটকধুনীয়া ফুলনি বাগিচা সাজি উলিয়াইছে ৷ বহিঃ ৰাজ্যৰ পৰা অহা এই উদ্যমী যুৱকসকলে কোৱাৰেণ্টাইন কেন্দ্ৰত বহি নাথাকি কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মাৰ উদ্যোগত এই ফুলনি বাগিচা সাজি উলিয়ায় ৷
প্ৰথমে হাতে-কামে লাগি ঠাইৰ জোখ-মাখ,চাফ-চিকুণ,তাৰ পাছত বাঁহৰ জেওৰা-জপনা নিৰ্মাণ,বিবিধ জাতৰ ফুলপুলি নিৰ্বাচন আৰু শেষত ৰোপণ কৰি ফুলনি বাগিচাখন স্থাপন কৰি উলিয়াই যুৱককেইজনে ৷
যিটো সময়ত অসমৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত এচাম লোকে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে,সেই সময়ত ব্যতিক্ৰমী কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে ছেইণ্ট ৰৱাৰ্টচ হাইস্কুল । ফুলনি বাগিচা পতাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ সংযোগকাৰী বিষয়া লেখনাথ শৰ্মা আৰু আবাসীসকলক কলিয়াবৰৰ চক্ৰ বিষয়া দ্যূতিভা বৰা,সহকাৰী আয়ুক্ত বাৰ্বী হাজৰিকা,ছেইন্ট ৰবাৰ্টচ হাইস্কুলৰ অধ্যক্ষ ফাদাৰ যোচেফ আৰু স্থানীয় সমাজকৰ্মী প্ৰশান্ত ভৌমিকে আগবঢ়াই বিশেষ সহযোগিতা। ফুলনি বাগিচাখন নিৰ্মাণত আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছে বাতেন আলী,সিদ্ধাৰ্থ উপাধ্যায়,প্লাৱন ছেত্ৰী আৰু সুভাষ আচাৰ্য নামৰ কেইগৰাকীমান সচেতন যুৱকে। কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থকা লোকসকলৰ লগতে COVID-১৯ মহামাৰীৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দি থকা লোকসকলক উৎসাহিত কৰাৰ লগতে সমাজলৈ এটি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ লোৱা বুলি সমন্বয়কে জানিবলৈ দিছে ।
লগতে পঢ়ক : সেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম