ৰূপহীহাট,23 ফেব্ৰুৱাৰীঃ সোমবাৰে ৰূপহীহাট আৰক্ষীয়ে এক অভিযান চলাই ৫২ কেজি গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি । AS-02-BC 6681 নম্বৰৰ এখন বাহনত কঢ়িয়াই আনিছিল এই গাঞ্জা খিনি ।
![ৰূপহীহাটত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-rup-801-23-feb-ganja-recovery-asc-10021-uttam-kr-bora_23022021092420_2302f_1614052460_949.jpg)
বিশেষ সূত্ৰৰ পম খেদি লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সহযোগত বাহনখন উদ্ধাৰৰ লগতে গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ৰছিদুল হক আৰু দিলোৱাৰ হুছেইন নামৰ লোকক দুজনক ঘটনা সন্দৰ্ভত আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
![ৰূপহীহাটত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-rup-801-23-feb-ganja-recovery-asc-10021-uttam-kr-bora_23022021092420_2302f_1614052460_722.jpg)
লগতে পঢ়কঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী