নগাঁও, ৪ মাৰ্চ: নগাঁৱৰ কঁচুৱাত শিৱৰাত্ৰিৰ নিশা সংঘটিত হৈছে এক দলবদ্ধ ধৰ্ষণকাণ্ড । এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক কাপোৰ দিয়াৰ প্ৰলোভনেৰে ফুচলাই নি সাতটাকৈ নৰপিশাচে ওৰে নিশা যৌন নিৰ্যাতন চলায় । দেওবাৰে বিয়লি ঘৰৰ পৰা ওলাই যোৱা কঁচুৱাৰ যুৱতীগৰাকীক প্ৰথমে ফুচুলাই লৈ যায় লম্পট চৰিত্ৰৰ এটা ফেৰীৱালাই । তাৰ পিছত গাঁওখনৰে নিজম পথাৰত ধৰ্ষণ কৰি পুৱতি নিশা প্ৰায় তিনি বজাত পথাৰৰ মাজতে যুৱতীগৰাকীক পেলাই থৈ পলায়ন কৰে ।
অসুস্থ হৈ পৰা যুৱতীগৰাকী পুৱা ঘৰত উপস্থিত হোৱাৰ পিছত পোহৰলৈ আহে এই জঘন্য কাণ্ড । পিছত কঁচুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ আ - অলংকাৰৰ লগতে ৰক্তাক্ত কাপোৰ পথাৰৰ পৰা উদ্ধাৰ কৰে। ঘটনাসন্দৰ্ভত নগাঁৱৰ উচ্চপদস্থ আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰিছে । অতি শীঘ্ৰেই ঘটনাত জড়িত লম্পটকেইটা জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে ।