কলিয়াবৰ, 17 জুন: কলিয়াবৰৰ মথৌখাট-বামুণীৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ সমীপত মুক্ত বিচৰণ এজাক বনৰীয়া হাতীৰ ৷ হাবি কাষৰীয়া ঠাইখনত মঙলবাৰে নিশাৰ পৰা থিতাপি লৈছে সদ্যজাত পোৱালিসহ এঘাৰটা বনৰীয়া হাতীয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা চলাই পৰিস্থিতি ৷ অৱশ্যে অঞ্চলটোত হাতীৰ জাকটোৱে বিশেষ কোনোধৰণৰ ক্ষয়-ক্ষতি কৰা নাই বুলি সদৰী কৰে স্থানীয় ৰাইজে ।
লগতে চাওকঃ কলিয়াবৰত চোৰাং চিকাৰী আটক