ETV Bharat / state

Covid-19 Vaccine Booster Shots: নগাঁৱত মোবাইল টিকাকৰণৰ জৰিয়তে ক'ভিড ১৯ৰ বুষ্টাৰ ড'জ প্ৰদান

author img

By

Published : Jul 16, 2022, 9:40 AM IST

নগাঁৱত আৰম্ভ ক'ভিড ১৯ ৰ বিনামূলীয়া বুষ্টাৰ ড'জ (Covid-19 Vaccine Booster Shots)। চিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত মোবাইল টিকাকৰণ ভানৰ শুভ উদ্বোধন । মোবাইল টীকাকৰণৰ জৰিয়তে প্ৰদান বিনামূলীয়া বুষ্টাৰ ড'জ (Free booster doses provided through mobile vaccination)।

covid 19 booster dose launched through mobile vaccination in nagaon
Covid 19 free booster dose: নগাঁৱত মোবাইল টিকাকৰণৰ জৰিয়তে ক'ভিড ১৯ৰ বুষ্টাৰ ড'জ প্ৰদান

নগাওঁ, 16 জুলাই: ক'ভিড ১৯ ৰ তৃতীয় ঢৌক লৈ তৎপৰ হৈ পৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো শুকুৰবাৰৰ পৰা পুণৰ কভিড প্ৰতিষেদক প্ৰদাণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নগাঁও জিলা স্বাস্থ্য বিভাগে ( Nagaon District Health Department )। তদুপলক্ষে আয়োজন কৰা এখন সভাত আনুষ্ঠানিকভাৱে নগাঁও জিলা যুটিয়া স্বাস্থ্য সঞ্চালকে মুকলি কৰে তৃতীয় পালি অৰ্থাৎ কভিডৰ বুষ্টাৰ ডজ প্ৰদান কাৰ্যসূচীৰ (Covid-19 Vaccine Booster Shots)।

উল্লেখ্য যে আজিৰে পৰা ১৮ বছৰৰ ওপৰৰ সকলো হিতাধিকাৰীয়ে ক’ভিড ভেকচিনৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ডজ ৭৫ দিনৰ বাবে বিনামুলীয়াকৈ চিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি হিতাধিকাৰীয়ে, দ্বিতীয় পালি ভেকচিন লোৱাৰ ৬ মাহ সম্পূর্ণ হলে ক’ভিড ভেকচিনৰ তৃতীয় পালি অৰ্থাৎ বুষ্টাৰ ডজ ৭৫ দিনৰ বাবে বিনামুলীয়াকৈ ল'ৱলৈ সুবিধা গ্ৰহণ কৰিব ।

এই সুবিধা ওচৰৰ স্বাস্থ্যকেন্দ্ৰ অথবা ক'ভিড ভেকচিন চেন্টাৰত উপলব্ধ হ'ব । আনহাতে উক্ত সভাতেই নগাঁও জিলা চিলঙনি আমতলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত উপায়ুক্ত দেবাজনী চৌধুৰীয়ে জিলাখনৰ ভিতৰুৱা এলেকাৰ বাবে ৱাইজ ফাউণ্ডেচন এনজিঅ' মোবাইল টিকাকৰণ ভান শুভ উদ্বোধন কৰে ।

উক্ত কাৰ্যসূচীত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, ডিআইঅ', নগাঁৱকে প্ৰমুখ্য কৰি জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে চিকিৎসা কৰ্মী সকলৰ গ্ৰামাঞ্চলত ভেকচিন প্ৰদান কৰাৰ সুবিধা হোৱাকৈ ৱাইজ ফাউণ্ডেচনয়ে চিকিৎসা কৰ্মী কঢ়িওৱা চাৰিচকীয়া বাহনখনে গ্ৰামাঞ্চলৰ ৰাইজক যথেষ্ঠ উপকৃত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: COVID Vaccination Amrit Mahotsava: ক'ভিডৰ বিনামূলীয়া বুষ্টাৰ পালি প্ৰতিষেধকৰ উদ্ধোধন স্বাস্থ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.