নগাঁও, 18 জানুৱাৰী : নগাঁও আৰক্ষীৰ জালত পৰিছে চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়া ৷ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চকৰ চক্ৰটো ৷ ভুৱা স্বাস্থ্য বিষয়া কেইজন হৈছে ভবেশ কালিন্দী, শ্বহীদুল ইছলাম ওৰফে বাব্লু, বিক্ৰম কালিন্দী আৰু আবু নছৰ ৱাহিদ ৷
নগাঁৱৰ চামগুৰি আৰু আমনিত এই চক্ৰটোৱে বিগত কিছুদিন ধৰি স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছে ৷ শেহতীয়াকৈ নগাঁৱৰ তৰুণ চন্দ্ৰ নাথৰ পৰা এক লাখৰো অধিক টকা সংগ্ৰহ কৰি জালত পৰিছে চক্ৰটো ।
চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত তৰুণচন্দ্ৰ নাথে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভুৱা স্বাস্থ্য বিষয়া চক্ৰটোক ৷ এই ভুৱা চক্ৰটোক ইতিমধ্যে গাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান জেৰা ৷
লগতে পঢ়ক : পত্নীক হত্যা কৰি বস্তাত ভৰাই লুকুৱাই থৈ পলায়ন স্বামীৰ