ETV Bharat / state

Training Camp Under Nipun Assam: কলিয়াবৰত বুনিয়াদী শিক্ষা আৰু সংখ‍্যা জ্ঞান বৃদ্ধি সম্পৰ্কীয় প্ৰশিক্ষণ শিবিৰ

author img

By

Published : Feb 28, 2023, 4:59 PM IST

কলিয়াবৰত 'নিপুন অসম'ৰ উদ‍্যোগত আয়োজন কৰে এক প্ৰশিক্ষণ শিবিৰৰ (Training Camp Under Nipun Assam) । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত বুনিয়াদী শিক্ষা আৰু সংখ‍্যা জ্ঞান বৃদ্ধি সম্পৰ্কীয় চাৰিদিনীয়া প্ৰশিক্ষণ শিৱিৰৰ সোমবাৰে অন্ত পৰে (Foundational Literacy and Numeracy Mission at Kaliabor) ।

Training Camp Under Nipun Assam
কলিয়াবৰত বুনিয়াদী শিক্ষা আৰু সংখ‍্যা জ্ঞান বৃদ্ধি সম্পৰ্কীয় প্ৰশিক্ষণ শিৱিৰ

কলিয়াবৰ, ২৮ ফ্ৰেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাক এতিয়া দেশৰ ভিতৰতে শিক্ষাত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে আৰু এই বুনিয়াদী সাক্ষৰতা আৰু সংখ‍্যা জ্ঞান প্ৰাপ্তিৰ লক্ষ‍্যৰে নিপুন ভাৰত নামেৰে ভাৰত চৰকাৰে এক ৰাষ্ট্ৰীয় উদ্যোগ ২০২১ চনৰ ৫ জুলাইত আৰম্ভ কৰে । সেই উদ্দেশ‍্য সফল কৰিবলৈ অসমতো নিপুন অসম নামেৰে এক উদ‍্যোগ হাতত লৈছে‌ (Training Camp Under Nipun Assam) ।

২০২৬-২৭ চনৰ ভিতৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী যাতে বুনিয়াদী সাক্ষৰতা আৰু সংখ‍্যা জ্ঞান বৃদ্ধি কৰিব পাৰি সেই লক্ষ‍্যৰে অসমতো প্ৰশিক্ষিত সমল ব‍্যক্তিৰ জৰিয়তে প্ৰাথমিক শিক্ষকসকলৰ মাজত প্ৰশিক্ষণ আৰম্ভ হৈছে । কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ ব‍্যৱস্থাপনাত 'নিপুন অসম'ৰ উদ‍্যোগত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কলিয়াবৰৰ বেঙেনাআটি আদৰ্শ মজলীয়া বিদ‍্যালয়ত (Foundational Literacy and Numeracy Mission at Kaliabor) ।

চাৰিদিনীয়া এই প্ৰশিক্ষণ শিৱিৰত কলিয়াবৰ প্ৰাথমিক শিক্ষাখণ্ডৰ সামূহিক সমল ব‍্যক্তিসকলে অংশগ্ৰহণ কৰে । য'ত প্ৰশিক্ষিত সমল ব‍্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণত সংখ‍্যা জ্ঞান বৃদ্ধিৰ বাবে বিভিন্ন শিকন সামগ্ৰীৰ ব‍্যৱহাৰ আৰু আন কাৰ্য‍কৰী পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰে । চাৰিদিনীয়া এই প্ৰশিক্ষণ শিৱিৰৰ অন্ত পৰে সোমবাৰে ।

উল্লেখযোগ‍্য যে, মাতৃভাষা অথবা স্থানীয় আঞ্চলিক ভাষা হ’ব পঞ্চম শ্ৰেণী পৰ্যন্ত শিক্ষাদানৰ মাধ্যম ৷ নতুন শিক্ষানীতি ২০২০ প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তিনি দশকৰ পাচত দেশত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পুনৰীক্ষণ কৰা হয় ৷ শিক্ষাৰ অধিকাৰে তিনি বছৰৰ পৰা ১৯ বছৰলৈ সকলো ল’ৰা ছোৱালীকে সামৰি ল’ব ৷ এই শিক্ষানীতিয়ে ষষ্ঠ শ্ৰেণীৰ পৰাই ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা নবিচসহ বৃত্তিমুখী শিক্ষাৰ প্ৰস্তাৱ আগবঢ়াইছে (National education policy 2020) ৷

তদুপৰি আছে ১০+২ গাঁথনিৰ সালসলনি আৰু চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী । এই নতুন শিক্ষানীতিয়ে বিদ্যালয় বৰ্হিঃভূত দুই কোটি ল’ৰা ছোৱালীক মূলসূঁতিলৈ ওভতাই আনিব বুলি চৰকাৰে দাবী কৰিছে ৷ এই নীতিক শিক্ষাখণ্ডৰ বহু প্ৰতীক্ষিত আৰু প্ৰাপ্য সংস্কাৰ আখ্যা দিয়ে শিৱিৰত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ৷ নতুন শিক্ষানীতি মৰ্মে মাতৃভাষা অথবা স্থানীয় অথবা আঞ্চলিক ভাষা পঞ্চম শ্ৰেণী পৰ্যন্ত পৰাপক্ষত অষ্টম শ্ৰেণী আৰু ততোধিক পৰ্যন্ত শিক্ষাৰ মাধ্যম হ’ব (NEP 2020 implementation in Assam) ৷ সকলো পৰ্যায়তে সংস্কৃত অধ্যয়নৰ ব্যৱস্থা থাকিব আৰু মাধ্যমিক শ্ৰেণীৰ পৰ্যায়ৰ পৰা বিশেষ ভাষা শিক্ষণৰ ব্যৱস্থা থাকিব ৷

লগতে পঢ়ক: Akhil Gogoi in Nia court : নিয়াৰ আদালতত হাজিৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.