কলিয়াবৰ,৫ মে': কলিয়াবৰৰ সোণাৰী গাঁৱস্থিত শ্ৰীশ্ৰী বদলা পদ্ম আতা কলাক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰে ১ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত বাস্তৱত ৰূপায়ণৰ বাট মুকলি হ'ল (Foundation stone of open stage laid) । শুকুৰবাৰে সোণাৰী গাঁৱত অৱস্থিত প্ৰস্তাৱিত শ্ৰীশ্ৰী বদলা পদ্ম আতা কলাক্ষেত্ৰৰ চৌহদত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা বদলা আতা সেৱা সমিতিৰ মুৰব্বী জনাৰ্দনদেৱ গোস্বামী, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰীয়ে মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে (Foundation stone of open stage of Sri Sri Badla Padma Ata Kalakshetra laid) ।
লগতে পঢ়ক: Abed Ali Hazarika : চৰকাৰৰ অৱহেলাৰ পাচতো দুবাহুৰ শক্তিৰে বিশ্ব জিনিলে আবেদ আলী হাজৰিকাই
স্বাস্থ্যমন্ত্ৰী কেৱশ মহন্তৰ অনুপস্থিতিত কুমুদ কছাৰীয়ে এই কাৰ্য সম্পাদন কৰে । সত্ৰ নগৰী মাজুলীত অনুষ্ঠিত হৈ যোৱা শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতিৰ অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ঘোষণা কৰিছিল এক কোটি টকাৰ এক চৰকাৰী সাহায্য (Sri Sri Badla Padma Ata Kalakshetra) ।
শ্ৰীশ্ৰী বদলা পদ্ম আতাই মহাপুৰুষ দুজনাৰ আদৰ্শ কলা-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত যি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সেই একে ভূমিকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পুঁজিৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত শ্ৰীশ্ৰী বদলা পদ্ম আতা (Sri Sri Badla Pandma Ata) কলাক্ষেত্ৰৰ মুকলি মঞ্চৰ জৰিয়তে গুৰু দুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট ব্যক্তিসকলে ।
উল্লেখযোগ্য যে , প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে শ্ৰশ্ৰী বদলা পদ্ম আতা কলাক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগ-ভাগ লৈছিল । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা সপোন এতিয়া বাস্তৱায়িত হোৱাৰ পথত ।
লগতে পঢ়ক: Theft incident : চিমেন চাপৰিত একে নিশাই ৭ খন দোকানত চুৰি; চিচি টিভিত বন্দী চোৰৰ দৃশ্য