ETV Bharat / state

নগাঁও মহাবিদ্যালয়ৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Aug 8, 2021, 2:04 PM IST

শনিবাৰে নগাঁও মহাবিদ্যালয় (Autonomous)ৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day) উদযাপন ৷ প্ৰতিষ্ঠা দিৱসত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি 11 গৰাকী মেধাৱী তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষা সুষম কৰিবৰ বাবে একোটাকৈ এনড্ৰইড ম’বাইল ফোন প্ৰদান কৰে বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া (Nitumani Saikia)ই ৷

foundation-day-celebrated-of-nowgong-college
নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

নগাঁও, 8 আগষ্ট : শনিবাৰে সম্পূৰ্ণ ক’ভিড (Covid) প্ৰট’কলৰ মাজেৰে উদযাপন কৰা হয় ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (Autonomous)ৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day) ৷ 1944 চনৰ 7 আগষ্টত স্থাপন হোৱা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষই দিনটোৰ তাৎপর্য ব্যাখ্যা কৰাৰ লগতে সন্মানীয় অতিথিসকলক সভালৈ স্বাগতম জনায় ৷

সভাত উপস্থিত থকা মুখ্য অতিথি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া (Nitumani Saikia)ই 11 গৰাকী ছাত্ৰ-ছাত্ৰীক ম’বাইল ফোন বিতৰণ কৰে ৷ লগতে মহাবিদ্যালয়খনৰ গৌৰৱময় যাত্ৰাৰ কথা উল্লেখ কৰি শতবর্ষ হোৱাৰ পূৰ্বে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ আশা ব্যক্ত কৰে । সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই পৰিৱেশ সংৰক্ষণৰ বাবে বৃহৎ উদ্ভিদ উদ্যান গঢ়ি তোলাৰ বাবে আহ্বান জনায় ।

বিশিষ্ট উদ্যোগী ধৰ্ম প্ৰসাদ ভট্টাচার্যই ভাষণ প্ৰসংগত অতীতৰ দিনবোৰ স্মৰণ কৰাৰ লগতে নগাঁও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে ।

লগতে পঢ়ক : 2022ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব পলিটেকনিক কলেজৰ নিৰ্মাণৰ কাম

উল্লেখ্য যে, এল এম ছ’চিয়েল চাৰ্কোলৰ উদ্যোগত মহাবিদ্যালয়খনত 11 গৰাকী মেধাৱী তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষা সুষম কৰিবৰ বাবে একোটাকৈ এনড্ৰইড ম’বাইল ফোন অনুদান হিচাপে আগবঢ়োৱা হয় । উক্ত সভাতেই ছাত্ৰ একতা সভাই প্ৰস্তুত কৰি উলিওৱা এটি গীতৰ ভিডিঅ’ উন্মোচিত হয় ।

দিনজোৰা কাৰ্যসূচীত শ্বহীদ স্তম্ভ, শ্বহীদ অনিল বৰা প্ৰতিমূৰ্তি, মতিৰাম বৰাৰ প্ৰতিমূৰ্তি, যজ্ঞেশ্বৰ শৰ্মাৰ প্ৰতিমূৰ্তি, মহিম বৰাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় ক্ৰমে বিশ্বজিৎ ভূঞা, ধৰ্মপ্ৰসাদ ভট্টাচার্য, ড৹ ৰঞ্জিত মজুমদাৰ, উপাধ্যক্ষাদ্বয় বন্তি নেওগ, ৰশ্মি বৰঠাকুৰ আৰু প্ৰকাশ মহন্তই ।

ছাত্ৰ একতা সভাৰ সম্পাদক নিৰঞ্জন বৰা আৰু সভপতি দেৱাশীষ ৰয়ে মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে । শিক্ষক গোটৰ সম্পাদক ভূপাল কলিতা আৰু অনা শিক্ষক গোটৰ সম্পাদক জীৱন কলিতাই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিষ্ঠা দিৱসৰ দিনটোত বন্তি প্ৰজ্বলনেৰে মায়াময় কৰি তোলা হয় নগাঁও মহাবিদ্যালয়ৰ চৌহদ ৷

লগতে পঢ়ক : সংকটত টিংখাঙৰ এগৰাকী ভাস্কৰ্য শিল্পী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.