ETV Bharat / state

Formalin detection in Fish: মাছৰ নামত বৰবিহ ! নগাঁও কলেজৰ অধ্যয়নত উদ্বেগকজনক তথ্য - নগাঁও কলেজ

নগাঁও মহাবিদ্যালয় (অট’নমাচ) ৰ অধ্যয়নত বজাৰত উপলব্ধ চালানী মাছত বৰবিহ সদৃশ ফৰ্মেলডিহাইড উপস্থিতিৰ উদ্বেগকজনক তথ্য (Formalin detection in fish) ৷ পৰীক্ষাত উদ্বেগকজনকভাৱে চালানী মাছত সৰ্বাধিক ১৫ শতাংশলৈকে ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে ৷

Formalin detection in Fish
মাছৰ নামত বৰবিহ
author img

By

Published : Apr 26, 2023, 7:53 AM IST

চালানী মাছত বৰবিহ সদৃশ ফৰ্মেলডিহাইড উপস্থিতি

নগাঁও, 26 এপ্ৰিল: মাছৰ নামত আপুনি ক’ব নোৱাৰাকৈয়ে খাই আছে নেকি বৰবিহ ? এতিয়াৰে পৰা মাছ খাওঁতে সাৱধান হওক ৷ বিশেষকৈ চালানী মাছ খোৱাৰ আগত এশবাৰ ভাৱক আপুনি ৷ কিয়নো চালানী মাছৰ নামত আপুনি ক'ব নোৱাৰাকৈয়ে খাই আছে বৰবিহ (Formalin found in fish in Assam market) ৷

নগাঁও কলেজৰ পৰীক্ষাত প্ৰকাশ ভয়াৱহ তথ্য ৷ নগাঁও মহাবিদ্যালয় (অট’নমাচ) ৰ অধ্যয়নত বজাৰত উপলব্ধ চালানী মাছত বৰবিহ সদৃশ ফৰ্মেলডিহাইড উপস্থিতিৰ উদ্বেগকজনক তথ্য ৷ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ নিৰ্দেশত মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগে বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰে ৷ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে ড৹ ললিত মোহন গোস্বামী, ড৹ ভুৱন চন্দ্ৰ চুতীয়া, ড৹ জ্যোতিস্মিতা দাস, ড৹ প্ৰিয়াংকী শৰ্মা আৰু ড৹ মানস প্ৰতীম বৰাৰ নেতৃত্বত গৱেষক ছাত্ৰ-ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে বিগত তিনিমাহে কৰা অধ্যয়নত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে (Formalin detection in Fish) ৷

এই পৰীক্ষাত দলটোৱে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক এলেকাৰ পৰা নমুনা সংগ্ৰহ কৰি প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নতমানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে ৷ এই দুয়োলানি পৰীক্ষাত উদ্বেগকজনকভাৱে চালানী মাছত সৰ্বাধিক ১৫ শতাংশলৈকে ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰ উপৰিও দলটিয়ে চালানী মাছত মানৱ শৰীৰৰ বাবে অপকাৰী গুৰু ধাতু যেনে- কেডমিয়াম, প্ৰমিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পৰ্কেও অধ্যয়ন অব্যাহত ৰাখিছে ৷

প্ৰাৰম্ভিকভাৱে দলটিৰ অধ্যয়নত চালানী মাছত ০.০০৩ % কেডমিয়াম আৰু ০.১৫ % আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে ৷ আভ্যন্তৰীণ আশ্বাষন কোষৰ সমন্বয়ক ড৹ ভুৱন চন্দ্ৰ চুতীয়াই সদৰী কৰা মতে সম্পূৰ্ণ নিজাববীয়াকৈ কৰা এই অধ্যয়নৰ যোগেদি মহাবিদ্যালয়খনে জনসাধাৰণক আতংকিত কৰিবৰ বাবে নহয় সজাগতা সৃষ্টিৰ বাবেহে এই অধ্যয়ন আৰু প্ৰয়াস অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Water Supply Scheme: মে' মাহৰ পৰা উত্তৰ গুৱাহাটীৰ বাসিন্দাই লাভ কৰিব বিশুদ্ধ খোৱাপানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.