ETV Bharat / state

নগাঁৱৰ বামুণীত বন বিভাগৰ সজাগতা সভা

১৮ টাকৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ ১৫ দিনৰো অধিক সময় উকলি যোৱাৰ পিছত নগাঁৱৰ কন্দলিত বন বিভাগৰ সজাগতা সভা । সজাগতা সভাত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ লগতে বন বিভাগৰ বিষয়া, স্থানীয় লোক ।

author img

By

Published : Jun 2, 2021, 5:39 PM IST

Forest awareness meeting in Nagaon
নগাঁৱৰ বামুণীত বন বিভাগৰ সজাগতা সভা

নগাঁও, ২ জুন : মঙলবাৰে বিয়লি নগাঁৱৰ কন্দলিত এখন সজাগতা সভা অনুষ্ঠিত কৰে বন বিভাগে । নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত যোৱা ১৩ মে'ত ১৮ টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হোৱাৰ ১৫ দিন উকলি যোৱাৰ পিছত অৱশেষত সজাগতা সভা অনুষ্ঠিত কৰিবলৈ সময় পালে বন বিভাগে ।

বন ধ্বংস, হাতী-মানৱ সংঘাত ৰোধ কৰা, বনানীকৰণ আদি সমস্যা কিদৰে সমাধান কৰিব পাৰি তথা বামুণী পাহাৰ কেনেদৰে পূৰ্বৰ দৰে সেউজীয়া কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰা হয় ।

নগাঁৱৰ বামুণীত বন বিভাগৰ সজাগতা সভা

বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীও সজাগতা সভাখনত উপস্থিত থাকে আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায় । আনহাতে, পাহাৰ তথা দাঁতিকাষৰীয়া অঞ্চলত বনহস্তীৰ বাবে ঔ টেঙা, নেপিয়াৰ ঘাঁহ, কলগছ আদি ৰোপণ কৰাৰ হ’ব বুলি বন বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।

ইফালে পাহাৰৰ পৰা খৰি বিচৰাকে ধৰি আন বিভিন্ন কাম কৰি জীৱিকা নিৰ্বাহ কৰা স্থানীয় লোকসকলৰ সহায়ক হোৱাকৈ চৰকাৰ আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ খেতিৰ লগতে পশুপালনৰ ব্যৱস্থা কৰা হ'ব বুলি বন বিষয়াসকলে মন্তব্য কৰে । উক্ত সজাগতা সভাখনত উপস্থিত থাকে অতিৰিক্ত মুখ্য বন সংৰক্ষক এম কে যাদৱৰ লগতে কেইবাগৰাকীও বিষয়া আৰু স্থানীয় লোক ।

বন বিষয়াগৰাকীয়ে বনহস্তীৰ মৃত্যু হোৱা ঠাই পৰিদৰ্শন কৰি বন ধ্বংস হোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আৰু লগতে ১৩ মে'ত ১৮ টাকৈ বন্যহস্তীৰ মৃত্যু বজ্ৰপাতৰ বাবেই হোৱা বুলি পুনৰ দৃঢ়ভাৱে মন্তব্য কৰে ।

লগতে পঢ়ক:কামপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.