ETV Bharat / state

ৰাজ্যত বিদেশী বুলি চিনাক্ত আন এজন লোকৰ মৃত্যু - etv bharat assam

ৰাজ্যত পুনৰ মূৰত বিদেশীৰ বোজা লৈয়ে মৃত্যুক সাৱটিলে দৰিদ্ৰ পৰিয়ালৰ এজন লোকে ৷ 1951 চনৰ এন আৰ চিত নাম থকাৰ পিছতো ডি ভোটাৰ আখ্যা লোকজনক৷ আদালতত গোচৰ চলোৱাৰ সময়তেই ভেটি মাটি  সকলো  বিক্ৰী ৷ দেওবাৰে ৰক্তচাপ বন্ধ হৈ মৃত্যু লোকজনৰ৷

বিদেশী বুলি চিনাক্ত এজনৰ মৃত্যু
author img

By

Published : Jul 29, 2019, 9:36 PM IST

নগাঁও, 29 জুলাই: বিদেশীৰ নামত পুনৰ ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ ৰাজ্যত৷ মূৰত বিদেশীৰ বোজা লৈয়ে মৃত্যুক সাৱটিলে দৰিদ্ৰ পৰিয়ালৰ এজন লোকে ৷ গোচৰ চলোৱাৰ নামত ঘৰৰ মাটি ভেটি পৰ্য্যন্ত বিক্ৰী কৰিছিল লোকজনে৷ ৰাজ্যত NRC ৰ নামত বিভিন্ন বাক বিতণ্ডা চলি থকাৰ সময়তে পুনৰ মৃত্যক সাৱটিলে নগাঁৱ জুিলাৰ জুৰীয়াৰ দৰিদ্ৰ পৰিয়ালৰ এজন লোকে। লোকজন জুৰীয়াৰ লালুং গাঁৱৰ বজলুল হক বুলি চিনাক্ত কৰা হৈছে৷ 1951 চনৰ এন আৰ চিত নাম থকাৰ পিছতো 1989 চনত তেখেতক সন্দেহজনক নাগৰিক অৰ্থাৎ ডি ভোটাৰ আখ্যা দিয়া হৈছিল যদিও বিদেশী ন্যায়ধীকৰন অথবা সীমান্ত আৰক্ষীৰ পৰা তেখেতে কোনো চমন লাভ কৰা নাছিল বুলি দাবী বজলুলৰ পৰিয়ালবৰ্গৰ৷ শেহতীয়াকৈ বিদেশী ন্যায়ধীকৰনে বিদেশী ঘোষণা কৰা বজলুল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ আনহাতে অতি দৰিদ্ৰ পৰিয়ালৰ বজলুলে আদালতত গোচৰ চলোৱাৰ সময়তেই ভেটি মাটি সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছিল৷ এফালে অৰ্থৰ তাগিদা, আনফালে বিদেশীৰ বোজাত ভাৰাক্ৰান্ত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাই উচ্চ ৰক্তচাপ জনীত ৰোগত আক্ৰান্ত হৈ দেওবাৰে ৰক্তচাপ বন্ধ হৈ মৃত্যু হোৱা বুলি দাবী জনায় পৰিয়ালৰ লোকে৷ ইপিনে লোকজনৰ মৃত্যুৰ পিছতেই বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে৷

ৰাজ্যত বিদেশী বুলি চিনাক্ত আন এজন লোকৰ মৃত্যু

Intro:পুনৰ বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ। মূৰত বিদেশীৰ বোজা লৈ মৃত্যুক সাৱটিলে দৰিদ্ৰ পৰিয়ালৰ এজন লোকে। গোচৰ চলোৱাৰ নামত বিক্ৰী কৰিলে ভেটি মাটি। Body:মূৰত বিদেশীৰ বোজা লৈ মৃত্যুক সাৱটিলে নগাঁৱৰ জুৰীয়াৰ দৰিদ্ৰ পৰিয়ালৰ এজন লোকে। 1951 চনৰ এন আৰ চিত নাম থকাৰ পিছতো ঘোষিত বিদেশী। লোকজন জুৰীয়াৰ লালুং গাঁৱৰ বজলুল হক। বজলুল হকক 1989 চনত সন্দেহজনক নাগৰিক অৰ্থাৎ ডি ভোটাৰ সজোৱা হৈছিল। কিন্তু বিদেশী ন্যায়ধীকৰন অথবা সীমান্ত আৰক্ষীৰ কোনো চমন লাভ কৰা নাছিল বুলি দাবী বজলুলৰ পৰিয়ালৰ। শেহতীয়াকৈ বিদেশী ন্যায়ধীকৰনে বিদেশী ঘোষণা কৰা বজলুল দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আদালতত গোচৰ চলোৱাৰ সময়তেই ভেটি মাটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈছিল বজলুল। অতি দৰিদ্ৰ পৰিয়ালৰ বজলুলে নিজকে ভাৰতীয় নাগৰিকৰ প্ৰমাণ কৰাৰ চেষ্টা চলাই আক্ৰান্ত হয় উচ্চ ৰক্তচাপ জনীত ৰোগত। এফালে অৰ্থৰ তাগিদা আনফালে বিদেশী নাগৰিকৰ বুজা। অৱশেষত দেওবাৰে নিশা উচ্চাৰক্তচাপত মৃত্যু হয় বজলুল হকৰ। এতিয়া পৰিয়ালৰ লগতে স্থানীয় লোকৰ দাবী বিদেশীৰ বোজাত ভাৰাক্ৰান্ত হৈ ৰক্তচাপ বন্ধ হৈ মৃত্যু বজলুলৰ। ইপিনে এই লোকজনৰ মৃত্যুৰ পিছতেই বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ।
Bite. Conclusion:এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে বিদেশীৰ নামত বাৰম্বাৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে ভাৰতীয় নাগৰিক।
__;;;;;______________________
ৰূপহীহাটৰ পৰা উত্তম বৰাৰ সহযোগত নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
29-7-19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.