ETV Bharat / state

DJ বজায় বান সাহাৰ্য্য বিতৰণ বিজেপি নেতাৰ

author img

By

Published : Jul 18, 2020, 3:24 AM IST

সাহাৰ্য্য বিতৰণৰ নামত ভৰিৰে মোহাৰিলে সামাজিক দূৰত্বৰ নিয়মক ৷ টীকটৰ আশাত এই ব্যতিক্ৰমী প্ৰয়াস নেতা হাবিবুৰৰ ৷

ডি জে ত গীত বজাই বান সাহাৰ্য্য বিতৰণ বিজেপি নেতাৰ

নগাঁও, 18 জুলাইঃ নগাঁৱত ব্যতিক্ৰমী ধৰণে বান সাহায্য বিতৰণ এগৰাকী বিজেপি নেতাৰ ৷ ডি জেত গীত বজাই বান সাহাৰ্য্য বিতৰণ কৰিলে নেতা জনে ৷ নেতা জনৰ নাম নাম হবিবুৰ ৰহমান ৷ ডি জে ত "টিকেটেৰ আশায় হবিবুৰ" গীত বজাই বান সাহাৰ্য্য বিতৰণ কৰিলে নেতা জনে ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে, নেতাজনৰ এই বিতৰণৰ সময়ত দেখা যোৱা নাছিল কোনো সামাজিক দূৰত্ব পালন অথবা কৰ’ণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিয়মৰ পালন ৷

বানত ককবকাইছে সমগ্ৰ ৰাজ্য ৷ এফালে কৰ'ণাৰ সন্ত্ৰাস, আনফালে বানৰ কৱলত পৰি দিশহাৰা ৰাজ্যবাসী ৷ এইসকল বানাক্ৰান্তক সাহাৰ্য্য দিয়াৰ নামত এতিয়া ২০২১ ত বিধায়ক হোৱাৰ স্বপ্ন একাংশৰ নেতাৰ ৷ ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হোৱাৰ সপোন দেখা এইজন বিজেপি নেতা আকৌ এখোপ ওপৰত। ডি জে বজাই উপস্থিত ৰূপহীহাট সমষ্টিৰ সুঁতিৰপাৰৰ বানাক্ৰান্তৰ কাষত ৷

বানৰ বিভীষিকাই বহুতকে সৰ্বস্বান্ত কৰাৰ সময়তে টিকটৰ আশাত সংকটৰ সময়খিনিকো উৎসৱৰ দৰে ব্যৱহাৰ কৰা বিজেপীৰ টিকট প্ৰত্যাশী এই নেতা জনৰ কাৰ্যত অবাক হৈ পৰিছে সচেতন একাংশ লোক ৷

লগতে পঢ়কঃ বান পৰিস্থিতিক লৈ চৰকাৰক সমালোচনা দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.