ETV Bharat / state

বৰঘূলীত লুইতৰ বানৰ সংহাৰী ৰূপ

এতিয়া ৰাজ‍্যত বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে । এই বানৰ কৱলত এতিয়া কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল ৷

author img

By

Published : Jun 26, 2020, 6:19 PM IST

flood situation grim at kaliabor borghuli
কলিয়াবৰত লুইতৰ সংহাৰী ৰূপ

কলিয়াবৰ,২৬জুন: ৰাজ‍্যত এতিয়া বছৰৰ দ্বিতীয়টো বানৰ সংহাৰ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী পানীয়ে ৰাজ‍্যৰ প্ৰায় কেইখন জিলাতে তাণ্ডৱ অব‍্যাহত ৰাখিছে । নেৰা-নেপেৰা বৰষুণৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বহুকেইখন জিলাত । নগাঁও জিলাৰ কলিয়াবৰতো লুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলী অঞ্চলৰ বহুকেইখন গাঁও ।

গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীত এইবাৰ বানৰ তাণ্ডৱ । জলমগ্ন হৈছে কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল । বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে এক, দুই, তিনি আৰু সাত নম্বৰ বৰঘূলিৰ প্ৰায় আশী শতাংশ এলেকা । বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ, বিদ‍্যালয় । নষ্ট হৈছে আহু ধান, মৰাপাটকে আদি কৰি বাৰিৰ শাক-পাচলি । মানুহ, পশুধন সকলোৱে এতিয়া একেলগে আশ্ৰয় লৈছে মথাউৰিৰ অস্থায়ী চালিৰ তলত। জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে একাংশ বানাক্ৰান্ত ৰাইজ।

কলিয়াবৰত লুইতৰ সংহাৰী ৰূপ

উল্লেখযোগ‍্য যে, ৰাজ‍্যৰ জল সম্পদ মন্ত্ৰী গৰাকীৰ নিজা সমষ্টিৰ বৰঘূলীৰ কৃষি বান্ধটো যোৱাটো বছৰতে খহনীয়াত জাহ যোৱাৰ পাছত মেৰামতি অসম্পূৰ্ণ হৈ থকাৰ ফলতে বানৰ কৱলত পৰিছে সমগ্ৰ বৰঘূলী অঞ্চল।

লগতে : মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.