বঢ়মপুৰ, 27 ছেপ্তেম্বৰ : কামপুৰত আহিনমহীয়া বানে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ বিলাই-বিপত্তি নোহোৱা হৈছে বানাক্ৰান্তৰ ৷ চৌদিশে কেৱল পানী আৰু পানী ৷ এক সাগৰ সদৃশ পৰিৱেশৰ মাজত বন্যাৰ্তই দিন অতিবাহিত কৰিব লগা হৈছে ৷ ওখ ঠাইৰ অভাৱত দলঙৰ ওপৰত শিবিৰ পাতি থাকিব লগা হৈছে বন্যাৰ্ত সকল ৷
ইফালে, বানৰ কবলত পৰা ৰাইজক চৰকাৰ ফালৰ পৰা বান সাহাৰ্য আৰু পশু চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷ কচুৱাৰ বিভিন্ন স্থানত নাঁৱৰে পশু চিকিৎসকৰ এটা দলে চিকিৎসা প্ৰদান কৰাৰ লগতে পশুধনৰ ঔষধ বিতৰণ কৰিছে ৷ প্ৰায় 10 হাজাৰ বানত আক্ৰান্ত পৰিয়াললৈ সাহাৰ্য প্ৰদান কৰিছে চৰকাৰে ৷
লগতে পঢ়ক : বিলাসীপাৰাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল
এফালে ধাৰাষাৰ বৰষুণ, আনফালে কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে কামপুৰৰ বিভিন্ন স্থানত বানপানীৰ সৃষ্টি হৈছে ৷ পাহাৰৰ পৰা প্ৰচণ্ড বেগত বৈ অহা পানীয়ে গড়কাপ্টানি পথৰ এক বৃহৎ অংশ খহাই নিয়াৰ লগতে কেইবাটো কালভাৰ্টৰ যথেষ্ট ক্ষতিসাধন কৰে ৷
হাতীগড়-বামুনীথান সংযোগী গড়কাপ্টানি পথ, কামপুৰ বৈঠালাংচু গড়কাপ্টানি পথ, ৰমনি পথাৰ পথ, জুৰিপাৰকে ধৰি বহু কেইটা গড়কাপ্টানি পথৰ ওপৰৰে বৰ্তমানো তীব্ৰ বেগত বাগৰি আছে বাঢ়নী পানী ৷
উল্লেখ্য যে, কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 60 খনৰো অধিক গাঁৱৰ 10 হাজাৰ লোকৰ ক্ষতিগ্ৰস্ত হৈছে এই বানত ৷
লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি ; বন্ধ হ’ল নিমাতীঘাট ফেৰী সেৱা