ETV Bharat / state

নগাঁৱত কপিলী নৈৰ সন্ত্ৰাস - ফেনে-ফুটুকাৰে ওফন্দি উঠিছে নগাঁৱত কপিলী নৈৰ পানী

বুধবাৰে নগাঁৱত মথাউৰিৰ ওপৰেৰে কপিলী নৈৰ পৰা বাগৰা পানীয়ে বকলুগুৰি আৰু চিমলাইকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰে । হাহাকাৰ পৰিস্থিতি গাঁওবাসীৰ মাজত ৷

নগাঁৱত কপিলী নৈৰ সন্ত্ৰাস
নগাঁৱত কপিলী নৈৰ সন্ত্ৰাস
author img

By

Published : May 27, 2020, 5:23 PM IST

বঢ়মপুৰ, 27 মে’: বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে নগাঁৱত কপিলী নৈৰ পানী । বুধবাৰে কপিলী নৈৰ মথাউৰিৰ ওপৰেৰে বাগৰা পানীয়ে বকলুগুৰি আৰু চিমলাইকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি পেলাইছে । কামপুৰ কাৰ্বি আংলং সংযোগী বকুলগুৰি গড়কাপ্তানী পথৰ ওপৰত কপিলী নৈৰ পানী বাগৰি একঁকাল পৰ্যন্ত পানী হোৱাৰ লগতে পথৰ ওপৰৰে তীব্ৰ বেগেৰে পানী বাগৰাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

নৈৰ পানী বকুলগুৰি, পদুমনি আৰু চিমলাইকে ধৰি কেইবাখনো গাঁৱত সোমাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ বকুলগুৰি আৰু চিমলাই অঞ্চলৰ প্ৰায় সহস্ৰাধিক লোকৰ বাসগৃহৰ ভিতৰে-বাহিৰে এতিয়া পানী ৷ বহু লোক পানীৰ মাজতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷ এবকু পানীৰ মাজত অঞ্চলকেইটাৰ বাসিন্দাসকলৰ লগতে পশু ধনসমূহৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

নগাঁৱত কপিলী নৈৰ সন্ত্ৰাস

জানিব পৰা মতে, বৰ্তমানলৈকে জিলা প্ৰশাসনৰ কোনো বিষয়া অঞ্চলকেইটাত উপস্থিত হোৱা নাই । স্থানীয় ৰাইজে তেওঁলোকক উক্ত স্থানৰ পৰা কোনো নিৰাপদ ওখ ঠাইলৈ স্থানান্তৰিত কৰিবৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায় ।

লগতে পঢ়ক: প্ৰস্তাৱিত সংশোধিত শ্ৰমিক আইন বাতিলৰ দাবীত ডুমডুমাত আছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.