ETV Bharat / state

কপিলি নৈৰ পানীয়ে প্লাৱিত কৰি তুলিছে নগাঁৱৰ বিভিন্ন অঞ্চল - বানত মৃত্য়ু হোৱা লোকৰ সংখ্যা

নগাঁও জিলাতো বানৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে ইতিমধ্যে বানৰ কবলত পৰিছে বহুতো লোক ৷ কপিলী নৈৰ মাথাউৰিৰ ওপৰৰে পানী বাগৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাকতিগাঁও,গুইমাৰী,ধেমাজী গাঁও,কুৱৰী আটি আদৰ্শ গাঁৱকে ধৰি ৩০ খনৰো অধিক গাঁও বৰ্তমান পানীৰ কবলত পৰিছে ৷ যাৰবাবে বানাক্ৰান্ত ৰাইজৰ বিলাই বিপত্তি নোহোৱা হৈছে ৷ ঘৰৰ ভিতৰত এবুকু পানী হোৱাত মাথাউৰিতে আশ্ৰয় ল'ব লগা হৈছে বনাক্ৰান্ত সকল ৷ আনহাতে,দীৰ্ঘদিন ধৰি বানৰ কবলত থকাৰ পিচতো বানাক্ৰান্তক খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

Flood affected people in nagaon
কপিলি নৈৰ পানীয়ে প্লাৱিত কৰি তুলিছে নগাঁৱৰ বিভিন্ন অঞ্চল
author img

By

Published : Jul 14, 2020, 3:39 PM IST

বঢ়মপুৰ, 14 জুলাই : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈৰ জলপৃষ্ঠাৰ বাবে বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰবল বানৰ ৷ ইতমধ্যে অসমৰ বহু কেইখন জিলা বানপানীৰ কবলত পৰি ঘৰ-দুৱাৰ হেৰুওৱাৰ উপক্ৰম হৈছে ৷ অন্য প্ৰান্তৰ লগতে নগাঁও জিলাতো বানৰ বিভীষিকাময় পৰিস্থিতিৰ বাবে ইতিমধ্যে বানৰ কবলত পৰিছে বহুতো লোক ৷

কপিলি নৈৰ পানীয়ে প্লাবিত কৰি তুলিছে নগাঁৱৰ বিভিন্ন অঞ্চল

কপিলী নৈৰ মাথাউৰিৰ ওপৰৰে পানী বাগৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাকতিগাঁও,গুইমাৰী,ধেমাজী গাঁও,কুৱৰী আটি আদৰ্শ গাঁৱকে ধৰি ৩০ খনৰো অধিক গাঁও বৰ্তমান পানীৰ কবলত পৰিছে ৷ যাৰ বাবে বানাক্ৰান্ত ৰাইজৰ বিলাই বিপত্তি নোহোৱা হৈছে ৷

ঘৰৰ ভিতৰত এবুকু পানী হোৱাত মাথাউৰিতে আশ্ৰয় ল'ব লগা হৈছে বানাক্ৰান্ত সকল ৷ ঘৰৰ ভিতৰত এবুকু পানী হোৱাত মাথাউৰিতে পাতিব লগা হৈছে মৃতকৰ আদ্যশ্ৰাদ্ধ ৷ এটুপি বিশুদ্ধ খোৱা পানী আৰু খাদ্য সংকটত দিন কটাব লগা হৈছে বানাক্ৰান্ত সকল ৷ আনহাতে,দীৰ্ঘদিন ধৰি বানৰ কবলত থকাৰ পিচতো বানাক্ৰান্তক খবৰ নকৰাৰ অভিযোগ বানাক্ৰান্ত ৰাইজৰ ৷

কপিলি নৈৰ পানীয়ে প্লাৱিত কৰি তুলিছে নগাঁৱৰ বিভিন্ন অঞ্চল
উল্লেখযোগ্য যে,ৰাজ্য়ত বানৰ কবলত পৰিছে 27 জিলাৰ প্ৰায় 22 লক্ষাধিক বাসিন্দা ৷ অসম ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা তথ্যত সোমবাৰৰ দিনটোলৈকে লখিমপুৰ,বৰপেটা,বঙাইগাঁও,কামৰূপ (গ্ৰাম্য),গোলাঘাট আৰু আৰু শিৱসাগৰৰ এগৰাকীকৈ ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ কথা উল্লেখ কৰা হৈছে ৷ ফলত বানত মৃত্য়ু হোৱা লোকৰ সংখ্যা 76 লৈ বৃদ্ধি পায় ৷ ইয়াৰ ভিতৰত প্ৰায় 50 গৰাকী ব্যক্তিয়ে বানত মৃত্যুবৰণ কৰাৰ বিপৰীতে 26 গৰাকীয়ে ভূমিস্খলনত প্ৰাণ হেৰুৱায় ৷

অসম ৰাজ্য়িক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি 12.63 লাখ লোক ধেমাজি, লখিমপুৰ,বিশ্বনাথ,শোণিতপুৰ,ওদালগুৰি,দৰং,বাক্সা,নলবাৰী,বৰপেটা, চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট,মাজুলী,শিৱসাগৰ,ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বানত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক : নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.