ETV Bharat / state

Success in international sports: ট্ৰাইকানডোৰ জৰিয়তেই বিশ্ব জিনাৰ সপোন দেখা ৰাজনন্দিনী

author img

By

Published : Jul 23, 2022, 10:10 PM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ এটি পাঁচবছৰীয়া কণমানি । মাত্ৰ পাঁচ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেবাটাও সোণৰ পদক আজুৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰাজনন্দিনী বৰাই (Rajnandini Bora brings gold medal in Tricando games)। ট্ৰাইকানডোত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা ৰাজনন্দিনীয়ে এতিয়া শিক্ষাৰ সমান্তৰালকৈ চলাই গৈছে ট্ৰাইকানডোৰ পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে অনুশীলন ।

Five years Tricando player of Nagaon wins gold medal
ট্ৰাইকানডোৰ জৰিয়তেই বিশ্ব জিনাৰ সপোন দেখা ৰাজনন্দিনীৰ

নগাঁও, 23 জুলাই : ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ এটি মৰম লগা কণমানি ৷ থুনুক-থানাকৈ মাত্ৰ উলাইছেহে মাত ৷ মুখৰ স্পষ্টকৈ মাত নুফুটুটেই ট্ৰাইকানডোৰ জৰিয়তেই বিশ্ব জিনাৰ সপোন দেখিছে কণমানিজনীয়ে ৷

আমি ক’বলৈ লোৱা কণমানিজনী নগাঁৱৰ আমোলাপট্টিৰ । নাম ৰাজনন্দিনী বৰা । বয়স মাত্ৰ পাঁচ বছৰ । এই পাঁচ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে ৰাজনন্দিনীয়ে (Rajnandini Bora brings gold medal in Tricando games) । জনা-বুজা হোৱাৰ পৰাই ট্ৰাইকানডোৰ প্ৰতি আকৰ্ষিত কণমানি ৰাজনন্দিনী ।

পাঁচ বছৰ বয়সতে ট্ৰাইকানডোৰ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ভিন্ন পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে কণমানি ৰাজনন্দিনী বৰাই (Five years Tricando player of Nagaon wins gold medal)। ইতিমধ্যে আচাম বুক অব ৰেকৰ্ড, ইণ্ডিয়া বুক অব ৰেকৰ্ড খিতাপ অর্জন কৰিবলৈ সক্ষম হৈছে কণমানি ৰাজনন্দিনী বৰাই ৷

লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰাইকানডো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পদক অৰ্জন কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা ট্ৰাইকানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীৰ এই সফলতাক লৈ স্বাভাৱিকতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজনন্দিনী বৰাৰ লগতে তেওঁৰ পিতৃ মাতৃও ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ এটি পাঁচবছৰীয়া কণমানি

এতিয়া নিজৰ অধ্যয়নৰ সমান্তৰালকৈ ট্ৰাইকানডোৰ অনুশীলনো অব্যাহত ৰাখিছে ৰাজনন্দিনী বৰাই । ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া আন এক প্ৰতিযোগিতাৰ বাবেও কঠোৰ অনুশীলন অব্যাহত ৰাখিছে পাঁচ বছৰীয়া ৰাজনন্দিনীয়ে । ট্ৰাইকানডোৰ জৰিয়তেই বিশ্ব জিনাৰ সপোন দেখা ৰাজনন্দিনীৰ প্ৰশিক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজনন্দিনীৰ পিতৃ মাতৃয়ে ।

লগতে পঢ়ক : Assam Youth Olympic Games 2022 : সোণাপুৰত যুৱ অলিম্পিকৰ চাইক্লি‍ং প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.