নগাঁও,২৫ আগষ্ট : নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত পুনৰ এক ভয়ংকৰ ঘটনা । মাছমৰীয়া আৰু বনকৰ্মীৰ মাজত তীব্ৰ সংঘৰ্ষ (Clashes between fisherman and forest worker)। মাছমৰীয়াৰ আক্ৰমণত আহত হয় কেইবাজনো বনকৰ্মী । আনকি বনকৰ্মীৰ অস্ত্ৰ কাঢ়ি লোৱাৰো চেষ্টা কৰে মাছমৰীয়াৰ দলে ।
উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যত দীৰ্ঘদিনৰ পৰা একাংশ লোকে অবৈধভাৱে মাছ ধৰি আহিছে । যাৰ বাবে অবৈধ মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত বনকৰ্মী আৰু মাছমৰীয়াৰ মাজত প্ৰায়ে সেই অঞ্চলত সংঘাত হোৱা দেখা যায় । কিন্তু এইবাৰ মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বিপদত পৰিল বনকৰ্মী ।
বুধবাৰে নিশা অভয়াৰণ্যখনৰ দন্দুৱা বন শিবিৰ এলেকাত তহল দি থকা অৱস্থাত বনকৰ্মীৰ এটা দল চোৰাংকৈ মাছ ধৰিবলৈ অহা কেইজনমান লোকৰ সন্মুখীন হয় । লগে লগে বনকৰ্মীৰ দলটোক আক্ৰমণৰ চেষ্টা চলায় মাছমৰীয়াৰ দলটোৱে (Fishermen attack forest staff)। মাছমৰীয়াৰ দলটোৰ আক্ৰমণত আহত হয় গিৰিধৰ শইকীয়া, জিয়াউৰ ৰহমান আৰু চন্দন ঘোষ নামৰ কৰ্তব্যৰত বনকৰ্মী । কেৱল এয়াই নহয় মাছমৰীয়াৰ দলটোয়ে বনকৰ্মীৰ অস্ত্ৰ কাঢ়ি লৈ যোৱাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
অবৈধ মাছমৰীয়াৰ দলটোৰ নেতৃত্বত কোৰবান আলী নামৰ এজন লোক আছিল বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । ঘটনা সন্দৰ্ভত বনকৰ্মীৰ দলটোৱে স্থানীয় গড়াজান আৰক্ষী চকীত অবৈধ মাছমৰীয়াৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে (Laokhowa sanctuary fisherman attack case)। বন বিভাগৰ এজাহাৰৰ ভিত্তিত গঢ়াজান আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যৰ বিলসমূহত পূৰ্বেও মাছমৰীয়াই অবৈধভাৱে মাছ ধৰি একপ্ৰকাৰ ৰাজত্ব চলাই আহিছে । আনকি বন বিষয়া, বনকৰ্মীক আক্ৰমণ কৰাৰ দৰে ঘটনাও পূৰ্বে সংঘটিত হৈছে (Forest worker attcked at Laokhoa sanctuary)। কিন্তু পুনৰ এবাৰ কৰ্তব্যৰত বনকৰ্মীক আক্ৰমণ কৰিবলৈ দুঃসাহস কৰা মাছমৰীয়াৰ বিৰুদ্ধে প্ৰশাসনে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক :সেনাৰ গুলীত গুলিবিদ্ধ হৈ আলফা স্বাধীনৰ চাৰ্জেণ্ট মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যু