ETV Bharat / state

হোজাইৰ তিনিটা সমষ্টিৰ ২০২৪ বর্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ - খচৰা ভোটাৰ তালিকা

শুকুৰবাৰে হোজাইত বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় । হোজাইৰ তিনিটা সমষ্টিৰ ২০২৪ বর্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰি জিলা আয়ুক্ত লাচিত কুমাৰ দাস আৰু নিৰ্বাচনী বিষয়া কৃষ্ণ ডেকাই কেতবোৰ তথ্য সদৰী কৰে (Draft voter list released) ৷

First consolidated draft voter list
হোজাইত বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 12:52 PM IST

হোজাইত বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ

হোজাই , ৯ ডিচেম্বৰ : ২০২৪ বর্ষৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলত জিলা আয়ুক্ত লাচিত কুমাৰ দাস আৰু নিৰ্বাচনী বিষয়া কৃষ্ণ ডেকাই সদৰী কৰা মতে, হোজাই জিলাৰ অধীনস্থ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৯০ নং যমুনামুখ সমষ্টিক নতুনকৈ ৬২ বিন্নাকান্দি সমষ্টি, ৯১ নং হোজাই সমষ্টিটো নতুনকৈ ৬৩ হোজাই সমষ্টি আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিটো নতুনকৈ ৬৪ লামডিং সমষ্টিলৈ পৰিৱৰ্তন হৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয় ২০২৪ বর্ষৰ খচৰা ভোটাৰ তালিকা । এই উপলক্ষে আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত সংবাদমেলত বিভিন্ন ৰাজনৈতিৰ দলৰ লগতে চৰকাৰী বিষয়ববীয়াসকল উপস্থিত থাকি নতুন ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ লগতে অহা ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ ৮ তাৰিখলৈকে শুধৰণি প্ৰক্ৰিয়া চলি থাকিব আৰু অহা ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি জিলা আয়ুক্ত লাচিত কুমাৰ দাসে জানিবলৈ দিয়ে ৷

জিলা নিৰ্বাচনী বিষয়াই সংবাদ কৰ্মীসকলক সম্বোধন কৰি কয় যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত সম্পন্ন হোৱা এই চূড়ান্ত ভোটাৰ তালিকাত হোজাই জিলাত সন্নিবিষ্ট মুঠ ভোটাৰৰ সংখ্যা যমুনামুখত ২০২৩ বৰ্ষত ভোটাৰৰ সংখ্যা আছিল 23,2899 জন । বৰ্তমান বিন্নাকান্দি সমষ্টি হৈ ২০২৪ বৰ্ষত ভোটাৰৰ সংখ্যা হৈছে 251380 গৰাকী ৷ ইয়াৰে 128893 গৰাকী পুৰুষ, 122481 গৰাকী মহিলা আৰু 6 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

৯১ নং হোজাই সমষ্টিটো বৰ্তমান ৬৩ হোজাই সমষ্টি হৈছে ৷ হোজাই সমষ্টিত বৰ্তমান ভোটাৰৰ সংখ্যা বৃদ্ধি হৈ 245532 হৈছে ৷ ইয়াৰে পুৰুষৰ সংখ্যা 125088, মহিলাৰ সংখ্যা 120441 গৰাকী আৰু তৃতীয় লিংগৰ সংখ্যা মাত্ৰ 3 গৰাকী ৷ ৯২ নং লামডিং বিধানসভা সমষ্টিটো ৬৪ নং লামডিং সমষ্টিলৈ ৰূপান্তিত হোৱাৰ পিচত বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে 241514 গৰাকী হৈছে ৷ ইয়াৰে পুৰুষ ভোটাৰ 122223 জন আৰু মহিলা ভোটাৰ 119288 গৰাকী আৰু তৃতীয় লিংগৰ 3 গৰাকী ৷

এই সংবাদমেলত উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া লাচিত কুমাৰ দাসে জনোৱা মতে, জিলাখনত তিনিওটা বিধানসভা সমষ্টি মিলি মুঠ ভোটাৰৰ সংখ্যা হ'ল 738426 গৰাকী ৷ নিৰ্বাচন আয়োগৰ বিধি অনুসৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পিচত জিলাখনৰ কোনো যোগ্য ভোটাৰৰ নাম কোনো কাৰণত যদি এই খচৰাৰ পৰা বাদ পৰিছে, তেন্তে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্বে স্থানীয় বি এল অ নতুবা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ সংবাদমেলত জিলা আয়ুক্তই উল্লেখ কৰে ৷

যদি কোনো নতুন ভোটাৰ, স্থান সলনি কৰা আৰু বিবাহসূত্ৰে স্থানান্তৰ হোৱা কোনো ভোটাৰৰ নাম যদি এই ঘোষিত খচৰা তালিকাৰ পৰা বাদ পৰিছে, তেন্তে অহা জানুৱাৰীৰ আঠ ফেব্ৰুৱাৰীৰ আগত সন্নিৱিষ্ট কৰিবলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায় ৷

সংবাদমেলত জিলা আয়ুক্তৰ লগতে নিৰ্বাচনী বিষয়া কৃষ্ণা ডেকা, অতিৰিক্ত উপায়ুক্ত জয়শংকৰ শৰ্মা, হোজাই , ডবকা আৰু লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৮ জানুৱাৰী পৰ্যন্ত নাম অন্তৰ্ভুক্ত-শুধৰণিৰ সময়সীমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.