ETV Bharat / state

কোলাত কেঁচুৱা লৈ বটদ্ৰৱাত তিনি তালাকৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলাৰ - তিনি তালাক

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাৰ বাটমাৰীত স্বামীয়ে পত্নীক দিলে তিনি তালাক । স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও এজাহাৰ দাখিল কৰাৰ 45 দিন পাৰ হৈ যোৱাৰ পাচতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।

কোঁচত কেঁচুৱা লৈ বটদ্ৰৱাত তিনি তালাকৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলাৰ
author img

By

Published : May 20, 2019, 8:19 PM IST

বটদ্ৰৱা,20 মে' : উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাত তিনি তালাক । কোলাত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে-দুৱাৰে ভুক্তভোগী মহিলা ।

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাৰ বাটমাৰীত স্বামীয়ে পত্নীক দিলে তিনি তালাক । উল্লেখ্য যে,বটদ্ৰৱাৰ বাটমাৰীৰ ইক্ৰামুল হুছেইন নামৰ লোকজনে একে গাঁৱৰে ৰহিমা খাতুন নামৰ মহিলাগৰাকীৰ লগত চাৰি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ৷ কিন্তু পাচলৈ এটি কন্যা সন্তানৰ পিতৃ ইক্ৰামুল হুছেইনে পত্নী ৰহিমা খাতুনক মাৰ-ধৰ কৰি তিনি তালাক দিয়ে । এই সংক্ৰান্তত ভুক্তভোগী মহিলাগৰাকীয়ে বটদ্ৰৱা থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও এজাহাৰ দাখিল কৰাৰ 45 দিন পাৰ হৈ যোৱাৰ পাচতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ।

কোঁচত কেঁচুৱা লৈ বটদ্ৰৱাত তিনি তালাকৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলাৰ

তদুপৰি স্বামী ইক্ৰামুলৰ বিৰুদ্ধে পত্নীয়ে এজাহাৰ দাখিল কৰি ৯০/২০১৯ , ৪৯৮ (A) নম্বৰত গোচৰ ৰুজু কৰিছে যদিও পুনৰ বিবাহ কৰোৱাত আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ইক্ৰামুলৰ বিৰুদ্ধে ৷ এতিয়া প্ৰশ্ন হয়, লোকৰ ঘৰে-ঘৰে কাম কৰি জীৱন সংগ্ৰাম চলাই থকা ৰহিমাই পাবনে ন্যায় ? কেৱল ইমানেই নহয়,উচ্চতম ন্যায়ালয়ৰ তিনি তালাক নিষেধাজ্ঞাৰ পাচতো কি ভিত্তিত ইক্ৰামুলে নিজ পত্নীক দিলে তিনি তালাক? সেই প্ৰশ্নই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

Intro:উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা ক অৱমাননা কৰি বটদ্ৰৱাত তিনি তালাক। কোঁচত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে দুৱাৰে ভুক্তভোগী মহিলা। Body:উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি বটদ্ৰৱাৰ বাটমাৰীত স্বামীয়ে পত্নীক দিলে তিনি তালাক। বটদ্রৱাৰ বাটমাৰিত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। বটদ্রৱা বাটমাৰীৰ ইক্ৰামুল হুছেইন নামৰ লোকজনে একে গাঁৱৰে ৰহিমা খাতুন নামৰ মহিলা গৰাকীৰ লগত চাৰি বছৰ পূর্বে বিবাহ পাশত আবদ্ধ হৈ কৰিছিল সংসাৰ। পিছত দুয়োৰে মাজত এটি কন্যা সন্তান আহিছিল যদিও স্বামী ইক্ৰামুল হুছেইনে পত্নী ৰহিমা খাতুনক মাৰ ধৰ কৰি তিনি তালাক দিয়ে। এই সংক্রান্তত ভুক্তভোগী মহিলা গৰাকীয়ে বটদ্ৰৱা থানত স্বামী ইক্ৰামুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰা ৪৫ দিনৰ পাৰ হৈ যোৱাৰ পিছতো বটদ্ৰৱা আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। ইফালে কোছাত কেঁচুৱা লৈ আৰক্ষীৰ দুৱাৰে দুৱাৰে ন্যায় বিচাৰি ঘূৰি ফুৰিছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে। তদুপৰি স্বামী ইক্ৰামুলৰ বিৰুদ্ধে পত্নীয়ে এজাহাৰ দাখিল কৰি ৯০/২০১৯ , ৪৯৮ (A) নম্বৰত গোচৰ ৰুজু কৰিছে যদিও ইক্ৰামুলে পুনৰ বিবাহ কৰাৰ আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। আৱলা মহিলা গৰাকীয়ে এতিয়া লোকৰ ঘৰে ঘৰে কাম বন কৰি কৰিব লগীয়া হৈছে জীয়াই থকাৰ জীৱন সংগ্ৰাম । এতিয়া প্ৰশ্ন হয় উচ্চতম ন্যায়ালয়ৰ তিনি তালাক নিষেধাজ্ঞাৰ পিছতো কি ভিত্তিত ইক্ৰামুলে নিজ পত্নীক দিলে তিনি তালাক? ৰহস্যজনক ভূমিকা গ্রহণ কৰা ইক্ৰামুলক কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিহিব পৰা নাই উচিত শাস্তি? সেই প্ৰশ্নই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.