ETV Bharat / state

কামপুৰত বানৰ সংহাৰী ৰূপ

author img

By

Published : Jun 7, 2020, 1:52 PM IST

কপিলীয়ে ধাৰণ কৰা সংহাৰী ৰূপ শান্ত নহওঁতেই পুনৰ বৰপানী নৈৰ পানীয়ে বিভিষিকাৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰাৰ ফলতেই কামপুৰত বানে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ।

kampur Nagaon
কামপুৰত বানৰ সংহাৰী ৰূপ

কামপুৰ, 7 জুনঃ কামপুৰত বানৰ সংহাৰী ৰূপ ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই চাৰিখনকৈ গেটৰে পানী এৰি দিয়াত উফন্দি উঠিছে বৰপানী নৈ ৷ কিছুদিন পূৰ্বে বাঢ়নী পানীয়ে ভাঙি নিয়া মাথাউৰীৰে পানী সোমোৱাৰ ফলত শনিবাৰে অহা বানে পুনৰ মাধৱপাৰা মাথাউৰিৰ প্ৰায় ২০ ফুট অংশ ছিঙি নিয়ে ৷ লগে লগে বৰপানী নৈৰ বাঢ়নী পানীয়ে প্ৰমিলা, জাৰনী, জুৰিপাৰকে আদি কৰি কেবাটাও অঞ্চল বুৰাই পেলাই ৷

kampur Nagaon
কামপুৰত বানৰ সংহাৰী ৰূপ

আনহাতে মথাউৰি ছিঙাৰ ফলতেই মাধৱপাৰা শিমলুগুৰি গড়কাপ্তানী পথৰ ওপৰত এতিয়া একাঁঠু পৰ্যন্ত পানী ৷ কপিলীয়ে ধাৰণ কৰা সংহাৰী ৰূপ শান্ত নহওঁতেই পুনৰ বৰপানী নৈৰ পানীয়ে বিভিষিকাৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰাৰ ফলতেই কামপুৰত বানে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে । এক সপ্তাহৰ ভিতৰতে দুবাৰকৈ অহা বাঢ়নী পানীয়ে এতিয়া নৈ পৰীয়া ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.