ETV Bharat / state

AASU Felicitation programme: কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আছুৰ সম্বৰ্ধনা - কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আছুৰ সম্বৰ্ধনা

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা,হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্যৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলক কলিয়াবৰত সম্বৰ্ধনা । কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক(AASU felicitates meritorious students) ।

felicitation of aasu to students in koliabar
AASU Felicitation programme: কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আছুৰ সম্বৰ্ধনা
author img

By

Published : Jul 22, 2022, 11:00 AM IST

কলিয়াবৰ,২২ জুলাই: বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ‍্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্যৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু স্নাতক পাঠ‍্যক্ৰমত কলিয়াবৰ মহকুমাৰ পৰা সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা কলিয়াবৰৰ কৃতি শিক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰা হয়(AASU felicitates meritorious students) । সেই উদ্দেশ্যৰেই বৃহস্পতিবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই অনুষ্ঠিত কৰে এক বিশেষ অভিনন্দন অনুষ্ঠানৰ ।

কলিয়াবৰৰ কৃতিমান ছাত্ৰ ছাত্ৰীক আছুৰ সম্বৰ্ধনা

এই উপলক্ষে কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে ছাত্ৰছাত্ৰীসকলক । সভাপতি মানসপ্ৰতিম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিশিষ্ট ভূ-তত্ববিদ ডঃ অৱনী কুমাৰ ভাগৱতী, কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহা, মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, কাৰ্যবাহী দণ্ডাধীশ ৰাজনিষাণ শৰ্মাকে ধৰি ছাত্র সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা কলিয়াবৰৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ সোঁৱৰণত মহকুমাটোৰ ভিতৰত উৎকৃষ্ট ফলাফল দেখুওৱা শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আছুৰ বুক বেংকৰ দ্বাৰা বিনামূলীয়াকৈ পাঠ্যক্ৰমৰ কিতাপো আগবঢ়োৱা হয় ।

লগতে পঢ়ক: MLA on paddy field: গৰুহাল লৈ পথাৰত নামিল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.