ETV Bharat / state

মৰ্মান্তিক ঘটনা: পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ

author img

By

Published : May 11, 2022, 7:43 PM IST

পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ (Father dies during son wedding ceremony) । আনন্দ ফুৰ্তিৰ বিপৰীতে বিয়াঘৰত উঠিল কান্দোনৰ ৰোল ।

father-dies-at-sons-wedding-in-nagaon
মৰ্মান্তিক: পুত্ৰৰ বিবাহৰ ৰভাথলীত পিতৃৰ নিঠৰ দেহ

নগাঁও, 11 মে' : বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হ'ল এটি মৰ্মান্তিক ঘটনা ৷ দৰা কইনাই অতিথি আপ্যায়ন বাবে ৰৈ থকা সময়ত অতিথিৰ সলনি আহিল পিতৃৰ মৃতদেহ (Father dies during son wedding ceremony)।

উল্লেখ্য যে, বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নৱজ্যোতি খাটনিয়াৰ নামৰ যুৱকজনৰ বিবাহৰ আয়োজন চলি থকাৰ সময়তে পিতৃ উমা খাটনিয়াৰ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ বিবাহ ঘৰতে ঢলি পৰে ৷ ইয়াৰ পিচতে ততাতৈয়াকৈ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লোকজনক নগাঁৱলৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

অতি আনন্দ ফূৰ্তিৰে পিতৃয়ে ল’ৰাৰ বিয়াৰ আয়োজন কৰিছিল যদিও বিয়াৰ দিনাই পুত্ৰ ন-বোৱাৰীৰ লগতে পৰিয়ালৰ সকলো সদস্যক এৰি বিদায় ল'লে উমা খাটনিয়াৰে । একমাত্ৰ পুত্ৰৰ বিয়াৰ আয়োজনৰ আগমূহুৰ্তত এনেদৰে পিতৃৰ আকস্মিক বিয়োগত বিবাহৰ ৰভাথলীত নিমিষতে স্তব্ধ হৈ পৰে আনন্দ উল্লাস ।

এই ঘটনাৰ পিচতে বিয়া ঘৰত উপস্থিত আটাইকেইজন লোকৰ লগতে স্থানীয় সকলোৰে মাজত এক শোকাকুল পৰিবেশে বিৰাজ কৰে ।

লগতে পঢ়ক : খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলালে শিলঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.