ETV Bharat / state

দুৰ্নীতিঃ বিধায়কৰ ঘনিষ্ঠ লোকৰ জেপত কৃষক সন্মান নিধিৰ ধন

author img

By

Published : May 12, 2020, 1:23 PM IST

প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি ৷ নেতা গৰাকীৰ একাংশ ঘনিষ্ঠ সম্পৰ্কৰ লোকে কৃষি বিভাগৰ একাংশ কৰ্মচাৰীৰ সহযোগত তালিকা প্ৰস্তুত কৰাৰ বাবে এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷ অনতিপলমে তদন্ত বিচাৰিছে ৰাইজে ৷

Farmers victim of corruption in the PM Kisan Samman Nidhi scheme at tinkhong dillibari gaon panchayat
নিশাৰ ভিতৰতে বঢ়মপুৰত সৃষ্টি কৃষক

বঢ়মপুৰ, 12 মে' : দূৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত দুৰ্নীতিৰ ভয়ংকৰ তথ্য ৷ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নিজকামপুৰ আৰু দেৱনাৰিকলি পঞ্চায়তত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ তালিকাত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ ৰাইজৰ ৷ দুয়োখন পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি তালিকাত ভুৱা কৃষক আৰু অচিনাকী লোকৰ নাম অন্তভুক্ত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ আনকি এজনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি নথকা নিজকামপুৰ পঞ্চায়ত প্ৰধানমন্ত্ৰী কৃষকৰ অনুদানৰ তালিকাত 19 জনকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিৰ নাম অন্তভুক্ত হোৱাৰ লগতে কামপুৰ পৌৰ সভা এলেকাৰ লোকৰ নাম সন্নিবিষ্ট হোৱা বুলি ৰাইজে অভিযোগ কৰে ৷

নিশাৰ ভিতৰতে বঢ়মপুৰত সৃষ্টি কৃষক

অভিযোগ অনুসৰি, প্ৰস্তুত কৰা তালিকাত মাত্ৰ দুজন কৃষকৰ পৰিৱৰ্তে আন সকলোবোৰ অচিনাকী আৰু ভুৱা কৃষক বুলি অভিযোগকাৰীয়ে তথ্য দাঙি ধৰে ৷ একাংশ লোকে জনোৱা অনুসৰি, প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ অগপৰ জিলা পৰ্যায়ৰ নেতাৰ লগতে কৃষি বিভাগৰ একাংশ কৰ্মচাৰীয়ে তালিকা প্ৰস্তুত কৰি নিজকামপুৰ পঞ্চায়তত থকা এটা চি এছ পি কেন্দ্ৰত অবৈধ ভাৱে আঁচনিৰ ধন হৰলুকি কৰিছে ৷ যাৰবাবে এই আঁচনিৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী ৷

নিশাৰ ভিতৰতে বঢ়মপুৰত সৃষ্টি কৃষক

আনহাতে, এই সকলোবোৰ দুৰ্নীতিৰ উচিত তদন্ত বিচাৰিছে নিজকামপুৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰাই ৷ অনতিপলমে উচিত তদন্ত বিচাৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক: কৃষকলৈ সাহাৰ্য বিচাৰি আৱেদন বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.