কলিয়াবৰ, 19 জুলাই : শাওণৰ আজি দ্বিতীয়টো দিন (Second day of Sawan Month) ৷ এয়া গ্ৰাম্যঞ্চলৰ ব্যস্ততা ভৰা ছবি ৷ বাৰিষা নামিছে ৷ বাৰিষাৰ কণ কণ টোপালে চহা খেতিয়কৰ বুকুলৈ নমাই আনিছে এজাক সপোন যেন বৰষুণ ৷ কলিয়াবৰৰ পথাৰতো ব্যস্ততা বাঢ়িছে কৃষক ৰাইজৰ ৷
কাৰোৰে যেন মূৰ তুলি চাবলৈ আহৰি নাই ৷ প্ৰখৰ ৰ’দকো নেওচি কৃষি পথাৰত সপোন ৰচিছে প্ৰত্যেকজন কৃষকে । জেঠত চহ কৰা মাটি ডৰা চিকুণাই আহাৰ, শাওণৰ প্ৰথমতেই ৰোৱনীৰ লাৱণি হাতেৰে গুজি দিবলৈ লৈছে হেঁপাহৰ কঠীয়ামুঠি (Farmers busy in paddy fields of Sawan Month) ।
ইয়াৰে এক উদাহৰণ কলিয়াবৰৰ এজন চহা কৃষক ৷
নৱ-প্ৰজন্মক খেতিৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে চহা কৃষকগৰাকীয়ে একাংশ শিক্ষাৰ্থীক নিয়োজিত কৰিছে পথাৰৰ কামত ৷ আনকি এই ক্ষেত্ৰত স্ব-ইচ্ছাৰে সহায় কৰিবলৈ ওলাই আহিছে বহু শিক্ষাৰ্থীও । মুখত এমোঁকোৰা হাঁহি লৈ সকলো ব্যস্ত হৈ পৰিছে ভূঁই ৰোৱাত ৷
লগতে পঢ়ক : Remember Menthel Light: সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট
কাজিৰঙা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চল হোৱা হেতুকে বনৰীয়া হাতী আৰু গাহৰিৰ উপদ্ৰৱ চলে কলিয়াৰৰ এই অঞ্চলত ৷ যিয়ে চিন্তাত পেলাইছে কলিয়াবৰৰ খেতিয়কসকলক । সেয়ে বন বিভাগক এই সমস্যাৰ পৰা মুক্তি দিয়াৰ আহ্বান জনাইছে কলিয়াবৰৰ এগৰাকী কৃষকে ।
মুঠতে বৰ্তমান এক দৃষ্টি নন্দন পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ খেতি পথাৰসমূহত । লক্ষণীয় যে, পথাৰত পানী থাকোতে খেতিৰ কাম শেষ নকৰিলে বৰষুণৰ অভাৱত হয়তো মাটিডৰা ছন পৰিব পাৰে ৷ নতুবা লহপহকৈ নাবাঢ়িলে ভদিয়া বানে খেতিডৰা বুৰাব পাৰে ৷
বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ ভিন্ন প্ৰান্ত ধুই নিয়াৰ মাজতো কৃষকসকলে এইদৰেই নামি পৰিছে কৃষি ভূমিসমূহ সেউজ কৰি সপোনবোৰ সোণোৱালী কৰিবলৈ । কৃষকসকলৰ আশা এইবছৰ আকৌ ধানৰে চহকী হ’ব তেওঁলোকৰ ভঁৰাল ।
লগতে পঢ়ক : Story of Miles Bronson: অসম আৰু অসমীয়াৰ প্ৰেমত পৰা এজন বগা চাহাবৰ কাহিনী