ETV Bharat / state

পথাৰত ছিঁৰাল ফাঁট: পানীত হাঁহ নচৰা অৱস্থা কৃষকৰ

author img

By

Published : Mar 23, 2022, 4:48 PM IST

এফালে নাই ইউৰিয়া সাৰ, আনফালে পানীৰ নাটনিয়ে জুৰুলা কৰিছে কৃষকক । পানীত হাঁহ নচৰা অৱস্থা কৃষকৰ । বিদ্যুতৰ ভল্টেজ নথকাত নিধিৰাম চৰ্দাৰৰ ৰূপত পানীৰ পাম্প (Farmers facing problems in Barhampur) ।

farmers face a lot of problems in barhampur
বড়ো ধানৰ খেতি পথাৰত ছিঁৰাল ফাঁট

নগাঁও, ২৩ মাৰ্চ: বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বৰো ধানৰ খেতিত মেলিছে ছিঁৰাল ফাঁট ৷ চৰকাৰৰ আঁচনি লাভ কৰিও উপকৃত হ'ব পৰা নাই ৰাজ্যৰ কৃষক সকল ৷ নগাঁৱৰ কঠিয়াতলী গৰুবন্ধা মিকিৰগাঁৱৰ কৃষকৰ এতিয়া নাজল-নাথল অৱস্থা (Farmers facing problems in Barhampur) ।

পানীৰ অভাৱত পথাৰতে বৰো ধানৰ খেতিত মেলিছে ছিঁৰাল ফাঁট ৷ বৰো ধানৰ খেতি কৰিবলৈ ৰাজ্যৰ কৃষক সকলক চৰকাৰী ভাৱে পানীৰ পাম্পৰ যোগান ধৰিছে যদিও বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কৃষক সকলে মূৰে কপাঁলে হাত দিব লগা হৈছে ৷

বড়ো ধানৰ খেতি পথাৰত ছিঁৰাল ফাঁট: পানীত হাঁহ নচৰা অৱস্থা কৃষকৰ

বিদ্যুতৰ ভল্টেজ নথকাৰ বাবে কৃষকে পানীৰ অভাৱত নেদেখাজনলৈ অপেক্ষা কৰিব লগা হৈছে (Water pump does not work)৷ ফলত খেতি পথাৰৰ বিলৈ দেখি সেমকি উঠিছে কৃষকৰ চকু ৷ যেনিয়ে চোৱা যায়, কেৱল ছিঁৰাল ফাঁট ৷ দূৰ্ভগীয়া কৃষক সকলৰ দাবী, শীঘ্ৰে চৰকাৰে বিদ্যুতৰ টেঞ্চফৰ্মাৰ এটা ব্যৱস্থা কৰি পথাৰৰ পানী যোগান সূচল কৰি দিয়ক ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰসংগত পুনৰ বিধায়ক প্ৰশান্ত ফুকনৰ যুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.