ETV Bharat / state

ভীমৰ গাঁৱৰ কৃষক ৰাইজে আয়োজন কৰিছে নৰা কটা ভোজ তথা ন-খোৱা পৰ্ব

author img

By

Published : Dec 14, 2020, 9:16 PM IST

আঘোনৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ পাচত অসমৰ ঠাই বিশেষে অনুষ্ঠিত কৰে কিছুমান পৰম্পৰাগত অনুষ্ঠান ৷ সোমবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ ভীমৰ গাঁৱত আনন্দ আৰু উল্লাসৰ মাজেৰে কৃষক ৰাইজে আয়োজন কৰে নৰা কটা ভোজ তথা ন-খোৱা অনুষ্ঠান ৷

farmer celebrated a special program at nagaon
ভীমৰ গাঁৱৰ কৃষক ৰাইজে আয়োজন কৰিছে নৰা কটা ভোজ তথা ন'খোৱা পৰ্ব

নগাঁও,14 ডিচেম্বৰ : সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই নিয়াৰ পাচত স্বাভাৱিকতে আনন্দিত হৈ পৰে কৃষক সমাজ ৷ জেঠমহীয়া প্ৰখৰ ৰ'দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈ আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত ৷ আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত ৷

আঘোণৰ পথাৰৰ পৰা সোনগুটি চপোৱাৰ পাচত ঠাই বিশেষে আছে কিছুমান পৰম্পৰাগত বিশেষ নিয়ম ৷ ঠিক একেদৰে নগাঁও জিলাৰ পুৰণিগুদামৰ ভীমৰ গাঁৱত আছে নৰা কটা ভোজ তথা ন-খোৱা নিয়ম ৷ ভীমৰ গাঁৱৰ পথাৰত আনন্দ আৰু উল্লাসৰ মাজেৰে কৃষক ৰাইজে আয়োজন কৰিছে ৰাজহুৱা নৰা কটা ভোজ তথা ন'খোৱা অনুষ্ঠান ৷

পূৰ্বপুৰুষৰ দিনৰে পৰা এই অনুষ্ঠানটো ধান চপোৱাৰ পিচত পালন কৰি অহা হৈছিল যদিও বহু বছৰ বিভিন্ন অজুহাতৰ বাবে অনুষ্ঠানটি অনুষ্ঠিত কৰিব পৰা নাছিল গাঁৱৰ ৰাইজে । কিন্তু এইবেলি পুনৰ গাঁৱৰ ডেকাসকলৰ তৎপৰতাত পূৰ্বপুৰুষৰ পৰম্পৰাটি ধৰি ৰাখিবৰ বাবে পুনৰ ভীমৰ গাঁৱৰ পথাৰত সমূহ গাঁও বাসীয়ে মিলি নাম-কীৰ্ত্তন কৰি, ভোজ-ভাত খাই উদযাপন কৰিছে নৰা কটা ভোজ তথা ন-খোৱা পৰ্ব ৷

লগতে পঢ়ক: চিৰাঙত আনন্দ উলাহেৰে সম্বৰ্ধনা প্ৰমোদ বড়োক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.