ETV Bharat / state

কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 9, 2022, 12:34 PM IST

Updated : Feb 9, 2022, 2:13 PM IST

নগাঁৱৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদন মঙলবাৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰে (Kirtikamal Bora encounter case) । কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পাছতেই অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে পৰিয়ালৰ লোকে । আনহাতে তদন্তৰ প্ৰতিবেদনত সন্তুষ্ট বিভিন্নজন (Inquiry report of Kirtikamal Bora encounter case)।

family-reaction-into-inquiry-report-of-kirtikamal-bora-encounter-case
কীৰ্তিকমল বৰা

নগাঁও, 9 ফেব্ৰুৱাৰী : বিগত ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ(Kirtikamal Bora Encounter Case) তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালৰ লোকে(Family reaction on kirtikamal encounter inquiry ) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন অৱশেষত মঙলবাৰে সন্ধিয়া ৰাজহুৱা কৰা হয়(Inquiry report of Nagaon encounter case)।

তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, নগাঁও আৰক্ষীয়ে গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাড ভংগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে এনকাউণ্টাৰৰ ঘটনাৰ মূল অভিযুক্ত নগাঁও আৰক্ষীৰ সশস্ত্ৰ শাখাৰ বিষয়া প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে । অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ তদন্তৰ প্ৰতিবেদনত বিভিন্নজনে সন্তুষ্ট প্ৰকাশ কৰাৰ বিপৰীতে অভিযুক্ত আৰক্ষী বিষয়াক শাস্তি বিহাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আহত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকে । নিলম্বনৰ বিপৰীতে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকে ।

কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ প্ৰতিক্ৰিয়া

কীৰ্তিকমলৰ পৰিয়ালৰ লোকে লগতে বিনা দোষত গুলীয়াই ঘূণীয়া কৰা কীৰ্তিকমল বৰাক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় । ইফালে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ প্ৰতিবেদনত সন্তুষ্টি প্ৰকাশ কৰে অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । উল্লেখ্য, ২২ জানুৱাৰীত সংঘটিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ভুল আছিল বুলিও প্ৰকাশ পাইছে তদন্তৰ প্ৰতিবেদনত ।

লগতে পঢ়ক : Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন

Last Updated : Feb 9, 2022, 2:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.