কলিয়াবৰ, 13 আগষ্ট: সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) ৷ এই দিৱস উপলক্ষে দেশজুৰি ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে ‘হৰ ঘৰ ত্ৰিৰংগা’ (Har Ghar Tiranga) কাৰ্যসূচী ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷
কলিয়াবৰতো দেখা গৈছে ইয়াক লৈ ব্যাপক প্ৰস্তুতি ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে শিক্ষানুষ্ঠান তথা অন্যান্য সামাজিক-সাংস্কৃতিক অনুষ্ঠানে 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি নিৰ্দ্ধাৰিত বিভিন্ন কাৰ্যসূচী পালন কৰিছে। কলিয়াবৰৰ ঘৰে-ঘৰে উৰিছে জাতীয় পতাকা।
উল্লেখ্য যে, স্বাধীনতা আন্দোলনৰ মুক্তি সেনানীসকলক স্মৰণ কৰি কলিয়াবৰত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক মন্ত্ৰী কেশৱ মহন্তৰ সম্বৰ্দ্ধনা (Health Minister Keshab Mahanta) ৷ কলিয়াবৰৰ ১৯৭ টা মুক্তি যুঁজাৰুৰ পৰিয়ালক মন্ত্ৰী কেশৱ মহন্তৰ সম্বৰ্দ্ধনা৷ কলিয়াবৰত আজি কুঁৱৰীটোলস্থিত কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই 'কলিয়াবৰৰ স্বাধীনতা আন্দোলনৰ মুক্তি সেনানীসকলক স্মৰণ' অনুষ্ঠানত মুক্তি সেনানীৰ পৰিয়ালক সম্বৰ্দ্ধনা জনাই (Families of freedom fighters of Indian Independence Movement are honoured) । আজিৰ সভাত 'কলিয়াবৰ মুক্তি সেনানী, ২য় খণ্ড'ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
আজিৰ এই সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে ৰাজ্যৰ নৱ-নিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, পূৰ্বাঞ্চল প্ৰহৰী কাকতৰ সম্পাদক, কলিয়াবৰ সাহিত্য সভাৰ সভাপতি প্ৰমুখ্য কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক: হাতে হাতে পতাকা লৈ বন্দে মাতৰম ধ্বনিৰে ৰাজপথ মুখৰিত কৰিলে ছাত্ৰ-ছাত্ৰীয়ে