ৰূপহীহাট,9 ফেব্ৰুৱাৰীঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দুষ্টচক্ৰৰ তৎপৰতা ৷ বিভিন্ন পন্থা অৱলম্বন কৰি সৰ্বসাধাৰণৰ ধন লুটি নিয়াতো এচামৰ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ এনে এক চক্ৰৰ বলি হৈ কষ্টোপাৰ্জিত ধন হেৰুৱালে ৰূপহীহাটৰ এগৰাকী মহিলাই । সহজলভ্য ধন লাভৰ আশাত মহিলাগৰাকীৰ পৰা দুষ্টচক্ৰই কৌশলেৰে সৰকাই নিয়ে 12,000 টকা ৷
ঘটনাৰ বিৱৰণী অনুসৰি,ৰূপহীহাটৰ তেলিয়াচাপৰি টুপ গাঁৱৰ চামচুল হকৰ পত্নী আনোৱাৰা বেগমলৈ আহিছিল কৌন বনেগা ক্ৰোড়পতিৰ পৰা এটা ফোন কল ৷ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনে আঁত ধৰা অনুষ্ঠানটোৰ পৰা ফোন কৰা বুলি কৈ মহিলাগৰাকীক ১২হাজাৰ টকা জমা দিলে ২৫লাখ টকা দিয়া হ’ব বুলি জনোৱা হয় ৷ লগতে মহিলাগৰাকীলৈ প্ৰেৰণ কৰে অনুষ্ঠানটোৰ বিভিন্ন ধৰণৰ ফটো । আনকি ভুৱা চক্ৰটোৱে মহিলাগৰাকীৰ ফটো সংগ্ৰহ কৰি আয়কৰ বিভাগ মুম্বাইৰ এটা পেজত নাম, ফটো সহিতে লাভ কৰা ২৫লাখ টকাৰ অন্তৰ্ভুক্ত হোৱা এখন পত্ৰ প্ৰেৰণ কৰে ৷ সহজলভ্য ধনৰ আশাত মহিলাগৰাকীৰ স্বামীয়ে চক্ৰটোৱে দিয়া একাউণ্ট নম্বৰত টকাখিনি পৰিশোধ কৰে । তাৎপৰ্যপূৰ্ণভাৱে ধন লাভ কৰাৰ পিছৰে পৰা ভুৱা চক্ৰটোৱে ফোন নধৰাত এতিয়া মূৰে-কপালে হাত দিছে পৰিয়ালটোৱে ।
লগতে চাওকঃনিষ্পত্তিবিহীন গোচৰ মীমাংসাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ