ETV Bharat / state

নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ - মৰিকলং আৰক্ষী চকী

বিভিন্ন অপৰাধৰ বিৰুদ্ধে অব্যাহত আছে নগাঁও আৰক্ষীৰ অভিযান । এইবাৰ অভিযানত উৎখাত বৃহৎ জালনোট চক্ৰ । নগাঁৱত জালনোটৰ ব্যৱসায় নাগালেণ্ডৰ মহিলাৰ । জব্দ কেইবালাখ টকাৰ জালনোট ।

fake-currency-seized-at-nagaon
নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ
author img

By

Published : Jun 11, 2021, 9:10 AM IST

নগাঁও,11 জুন : অপৰাধীৰ ৰম্য ভূমিলৈহে যেন পৰিণত হৈছে নগাঁও জিলা ৷ শেহতীয়াকৈ বৃহৎ পৰিমানৰ ড্ৰাগছ উদ্ধাৰৰ ঘটনাই নগাঁও জিলাক বিশেষভাৱে চৰ্চাত ৰখাৰ মাজতে এইবাৰ জিলাখনত উৎখাত হৈছে এটা বৃহৎ জালনোট চক্ৰ ৷ আৰক্ষীৰ বিশেষ অভিযানত কেইবালাখ টকাৰ জালনোট সহ আৰক্ষীৰ জালত পৰিছে বৃহৎ জালনোট চক্ৰ ৷

উল্লেখ্য যে, নাগালেণ্ডৰ মহিলাৰ নেতৃত্বত নগাঁৱত আৰম্ভ হৈছিল জালনোটৰ এক বৃহৎ বেহা ৷ নগাঁও চহৰৰ মৰিকলঙৰ এটা ভাড়াঘৰৰ পৰা চক্ৰটোৱে চলাই আহিছিল জালনোটৰ এই বেহা ৷ এই চক্ৰটোৰ বিষয়ে নগাঁও আৰক্ষীয়ে খবৰ লাভ কৰি বৃহস্পতিবাৰে চলায় অভিযান ৷

নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ

নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস, মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্রী কলিতাৰ সহযোগত আৰক্ষীৰ এটা দলে হঠাৎ মৰিকলঙৰ ভাড়াঘৰটোত অভিযান চলাই এই বৃহৎ জালনোট চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয় ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে কেইবালাখ টকাৰ জালনোট জব্দ কৰাৰ লগতে চক্ৰটোৰ তিনিজনকৈ সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে আটক কৰে চক্ৰটোৰ মূল অভিযুক্ত নাগালেণ্ডৰ মহিলা লিখুমলা, নগাঁৱৰ দিলদাৰ হুছেইন, চাকিব আলী চৌধুৰী ৷ অধিক তথ্যৰ বাবে ধৃত তিনিওকে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । এই ব্যৱসায়টোৰ সৈতে আৰু লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ৰূপহীহাট কাণ্ডৰ তদন্তত নামিল খোদ এছ পি আনন্দ মিশ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.