ETV Bharat / state

Exceptional protest of youth:মোডী-হিমন্তৰ মুখা পিন্ধি নগাঁৱত কোনে খুলিছে দেশ বিক্ৰী কেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:15 PM IST

চাকৰি বিক্ৰী দোকানৰ পিছত এইবাৰ দেশ বিক্ৰী কেন্দ্ৰ খুলি ব্যতিক্ৰমী প্ৰতিবাদ নগাঁৱৰ বিৰিঞ্চি বৰাৰ । শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে দেশ তথা অসমৰ সম্পদ বিক্ৰীৰ অভিযোগ । জাতি মাটি ৰক্ষাৰ কথা কৈ ভোট লোৱা চৰকাৰৰ দিনতে জাতি মাটি সুৰক্ষিত নথকাৰ অভিযোগ ।

Exceptional protest of youth in Nagaon
ব্যতিক্ৰমী প্ৰতিবাদ নগাঁৱৰ বিৰিঞ্চি বৰাৰ

নগাঁও, ৯ ছেপ্টেম্বৰ: ব্যতিক্ৰমী প্ৰতিবাদেৰে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে নগাঁৱৰ বিৰিঞ্চি বৰা নামৰ এগৰাকী সচেতন যুৱকে । কেতিয়াবা যদি মহাদেৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ, আন কেতিয়াবা নিযুক্তি বিক্ৰীৰ দোকান খুলি নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰি আহিছে এনে প্ৰতিবাদ । এইবাৰ আকৌ নগাঁও চহৰৰ মাজমজিয়াতেই দেশ বিক্ৰী কেন্দ্ৰ খুলি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে এইগৰাকী উচ্চ শিক্ষিত যুৱক বিৰিঞ্চি বৰাই ।

প্ৰায়েই ব্যতিক্ৰমী প্ৰতিবাদেৰে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰা নগাঁৱৰ সচেতন যুৱক বিৰিঞ্চি বৰাই এইবাৰ নগাঁও চহৰৰ মাজতেই দেশ বিক্ৰী কেন্দ্ৰ খুলি আন এক ব্যতিক্ৰমী প্ৰতিবাদেৰে দৃষ্টি আকৰ্ষণ কৰিছে নগাঁওবাসীৰ । আন দুগৰাকী যুৱকৰ সহযোগত মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখা পিন্ধি নগাঁও চহৰত প্ৰতীকী দেশ বিক্ৰী কেন্দ্ৰ খুলিছে । হাতত দগা পল্লা লৈ দাঙি ধৰিছে দেশৰ সম্পদ বিক্ৰী কৰাৰ ছবি ।

লগতে পঢ়ক:PM Modi Statue: এগৰাকী অসমীয়া ব্যৱসায়ীয়ে গুৱাহাটীত স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ ১৯০ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দেশ তথা অসমৰ এপদ এপদ মূল্যবান সম্পদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও কলেজ পইণ্টত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বিৰিঞ্চি বৰাই । বিশেষকৈ অসমৰ ধুবুৰী আৰু পাণ্ডুঘাট উন্নীতকৰণ কৰি ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰোধিতা কৰিছে যুৱক তিনিজনে ।

ধুবুৰী আৰু পাণ্ডু ফেৰীঘাটৰ জৰিয়তে অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে সচেতন যুৱক কেইজনে । ইপিনে, অসমতো এতিয়া মূল্যবান সম্পদ বিক্ৰীৰ লগতে নিযুক্তি আৰু দিৰ্নীতিৰ মুকলি বজাৰ চলি থকাৰো অভিযোগ উত্থাপন কৰিছে বিৰিঞ্চি বৰাই ।

লগতে পঢ়ক:Assam Cabinet recommends withdraw AFSPA : অসমৰ পৰা সম্পূৰ্ণভাৱে AFSPA আৰু Distrub area act আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ৰাজ্য চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.